Your Mic Your Voice

দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল

0

গুৱাহাটী: কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা দেওবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুজনকৈ লোকৰ বাসগৃহত বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ এটি প্ৰতিনিধি দল উপস্থিত হয়। উল্লেখ্য যে, এখন ট্ৰাক আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত হোৱা এই মুখামুখি সংঘৰ্ষত ৭জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। প্ৰতিনিধি দলটোৱে দুৰ্ঘটনাত নিহত ট্ৰেভেলাৰখনৰ হেণ্ডিমেন তফজ্জুল আলী আৰু যাত্ৰী হিচাপে থকা গুৱাহাটীৰ ভোগপুৰৰ জ্যোতিকা ৰংহাঙৰ বাসগৃহলৈ যায়।

কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে নিহত লোক দুগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়। দলটোৱে শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়ত তেওঁলোকৰ কাষত থকাৰ দৃঢ় আশ্বাস প্ৰদান কৰে।

unimex

একে সময়তে প্ৰদেশ কংগ্ৰেছে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক উপযুক্ত চৰকাৰী সাহায্য আৰু এককালীন ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়। ভৱিষ্যতে যাতে এনে শোকাৱহ ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ঘাইপথত পথ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া আৰু শক্তিশালী কৰাৰো দাবী উত্থাপন কৰে দলটোৱে।

এই প্ৰতিনিধি দলটোত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শান্তনু বৰা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন দাস, জ্যেষ্ঠ মুখপাত্ৰ গোপাল শৰ্মা আৰু বিদিশা নেওগ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.

Translate »