Your Mic Your Voice

আইআইটি, গুৱাহাটীৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱস পালন

0


গুৱাহাটী: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীস্থিত আইআইটি, গুৱাহাটীৰ চৌহদত অনুষ্ঠিত প্রতিষ্ঠানখনৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে, আইআইটি, গুৱাহাটীৰ তাৎপর্য কেৱল শৈক্ষিক উৎকর্ষতে সীমাবদ্ধ নহয়। বৰং ই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আকাংক্ষাৰো প্রতীক। ৰাজ্যত এখন আইআইটি স্থাপনৰ দাবী অসম চুক্তি স্বাক্ষৰৰ সময়ত উত্থাপিত অন্যতম গুৰুত্বপূৰ্ণ দাবী আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অৱশেষত দেশৰ প্রথমখন আইআইটি খড়গপুৰত স্থাপনৰ ৪৩ বছৰৰ পাছত ১৯৯৪ চনত আইআইটি গুৱাহাটীৰ প্রতিষ্ঠা হৈছিল।

মুখ্যমন্ত্রীয়ে কয় যে, আইআইটি, গুৱাহাটীৰ প্ৰকৃত অৱদান কেৱল ইয়াৰ শৈক্ষিক আৰু গৱেষণামূলক সাফল্যৰ দ্বাৰাই মূল্যাংকন কৰিব নোৱাৰি। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন প্রত্যাহ্বানৰ বাবে জ্ঞানক বাস্তৱসন্মত সমাধানলৈ ৰূপান্তৰিত কৰাৰ সামর্থ্যয়ো উচ্চ শিক্ষা প্রতিষ্ঠানখনৰ অৱদান নিৰূপণ কৰিব। উন্নত উৎপাদন, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, দুর্যোগ-সহনশীলতা, নগৰায়ণ, কৃষি আৰু নতুন প্রযুক্তিৰ ক্ষেত্ৰত আইআইটি, গুৱাহাটীয়ে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। অসম এডভান্সড হেল্থকেয়াৰ ইন’ভেচন ইনষ্টিটিউট, ল’-ফিল্ড এম আৰ আই, ছাৰ্জিকেল ৰবটিক্স আৰু উদ্ভিদভিত্তিক চিকিৎসা পদ্ধতিৰ গৱেষণা, ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনত যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, ড্রোনৰ জৰিয়তে বান সঁহাৰি ব্যৱস্থা আৰু মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বিকল্প ঋণ মূল্যায়নৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু আইআইটি গুৱাহাটীৰ মাজত চলি থকা বিভিন্ন সহযোগিতামূলক পদক্ষেপৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ভাষণত মুখ্যমন্ত্রীয়ে কয় যে, অসমৰ ক্রমবর্ধমান ঔদ্যোগিক পৰিৱেশ, বিশেষকৈ ছেমিকণ্ডাক্টৰ আৰু উন্নত উৎপাদন খণ্ডক কেন্দ্ৰ কৰি ধাৰাবাহিকভাৱে মানৱ সম্পদ বিকাশৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁ কয় যে ৰাজ্যখনলৈ নতুন উদ্যোগসমূহৰ আগমন ঘটিব ধৰিছে। সেয়ে অসমৰ যুৱ প্রজন্মই এই উদ্যোগসমূহে সৃষ্টি কৰা জ্ঞান, প্রযুক্তি আৰু যোগান শৃংখলৰ সক্রিয় অংশীদাৰ হিচাপে নিজকে গঢ়ি তুলিব লাগিব। বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড° শৰ্মাই আইআইটি গুৱাহাটীক বান-সহনশীল আন্তঃগাঁথনি, বিজ্ঞানভিত্তিক নদী ব্যৱস্থাপনা, জলবায়ু-সহনশীল কৃষি, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা আৰু উন্নত নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ কয় যে, গুৱাহাটীকে ধৰি অন্যান্য ক্রমবর্ধমান নগৰসমূহৰ বাবে ৰাজহুৱা পৰিবহণ, জল নিষ্কাশন ব্যৱস্থা, আৱৰ্জনা ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত বিজ্ঞানভিত্তিক সমাধানৰ প্ৰয়োজন।

unimex


চাহ, বৃক্ষ আৰু প্রযুক্তি (Tea, Tree and Tech)-য়ে অসমৰ ভৱিষ্যত উদ্ভাসিত কৰিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই দিশত থকা তেওঁৰ দৃষ্টিভংগীৰ কথা প্রকাশ কৰে। তেওঁ কয় যে, এই তিনিটা ক্ষেত্ৰই ৰাজ্যখনৰ অৰ্থনৈতিক শক্তি, প্রাকৃতিক সম্পদৰ লগতে প্রযুক্তি, উদ্ভাৱন আৰু উন্নত সামগ্রী উৎপাদনৰ জৰিয়তে সৃষ্টি হোৱা নতুন সুযোগসমূহক প্রতিনিধিত্ব কৰে।


ভাষণত মুখ্যমন্ত্রীয়ে আইআইটি গুৱাহাটী, ৰাজ্য চৰকাৰ, উদ্যোগ খণ্ড, ষ্টার্ট-আপ, বিশ্ববিদ্যালয়, নাগৰিক সমাজ আৰু প্ৰতিষ্ঠানখনৰ প্ৰাক্তন শিক্ষার্থীসকলৰ মাজত অধিক শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অসমে কোনো জটিল প্রযুক্তিগত অথবা উন্নয়নমূলক প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা অৱস্থাত তেনে প্রত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আইআইটি, গুৱাহাটী অন্যতম হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। অনুষ্ঠানটোত মুখ্যমন্ত্রীয়ে লগতে ঘোষণা কৰে যে, অসম চৰকাৰে আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ বাবে ১০০টা বৃত্তি প্রদানত সহায় কৰিব। এই পদক্ষেপ যাতে সফলভাৱে বাস্তৱায়িত কৰিব পৰা যায় সেই দিশত তেওঁ আইআইটি, গুৱাহাটীৰ সঞ্চালকক এই বৃত্তি আঁচনিৰ বাবে এক উপযুক্ত কাঠামো প্রস্তুত কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে আইআইটি, গুৱাহাটীক অসমৰ উন্নয়ন যাত্ৰাৰ এক শক্তিশালী জ্ঞান আৰু প্ৰযুক্তিৰ অংশীদাৰ হিচাপে নিজৰ ভূমিকা অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনায়। উন্নত উৎপাদন, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, দুর্যোগ-সহনশীলতা, নগৰায়ণ, কৃষি আৰু নতুন প্রযুক্তিৰ দৰে ক্ষেত্ৰসমূহত প্রতিষ্ঠানখনে অধিক সক্রিয় ভূমিকা গ্রহণ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। প্ৰযুক্তিৰে ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলক নেতৃত্ব দিবলৈ আইআইটি, গুৱাহাটীক আহ্বান জনাই ড° শর্মাই লগতে কয়- ‘আমি এনে প্রতিষ্ঠান গঢ়ি তুলিব লাগিব আৰু এনে সামর্থ্য সৃষ্টি কৰিব লাগিব, যিয়ে অসমক অধিক আত্মবিশ্বাস আৰু অধিক গতিশীলতাৰে আগুৱাই যোৱাত সহায় কৰিব পাৰে।’ আগন্তুক দিনসমূহত আইআইটি, গুৱাহাটীয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত নিজৰ অৱদান অধিক সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্রতিষ্ঠানখনৰ আগন্তুক দশকসমূহ কেৱল শৈক্ষিক সাফল্যৰ দ্বাৰাই নহয়, বৰঞ্চ জনসাধাৰণৰ জীৱনত কিমান ইতিবাচক পৰিৱৰ্তন আনিব পাৰে, তাৰ দ্বাৰায়ো চিহ্নিত হ’ব।
এই অনুষ্ঠানত আইআইটি, গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, আইআইটি, গুৱাহাটীৰ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী অধ্যাপক আৰ চি মালহোত্রা, প্রতিষ্ঠানখনৰ প্ৰাক্তন সঞ্চালকসকল, অধ্যাপক-অধ্যাপিকা আৰু শিক্ষার্থীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.

Translate »