Your Mic Your Voice

ভকতৰ ৰূপত বিশ্বনাথৰ বিধায়ক পল্লৱলোচন দাস

0

বিশ্বনাথ: মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি গুৰুজনাৰ চৰণত মূৰ দোঁৱাইছে সমগ্ৰ ৰাজ্যবাসীয়ে ।

ৰাজ্যৰ চুকে-কোণে থকা সত্ৰ আৰু নামঘৰসমূহ এতিয়া হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে । ব্যতিক্ৰম নহয় বিশ্বনাথো। বিশ্বনাথৰ বামগাঁৱৰ নামঘৰতো দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ এই পবিত্ৰ তিৰোভাৱ তিথি ।

unimex

তাৰ মাজতে বামগাঁৱৰ নামঘৰ প্ৰাংগনত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী আৰু আধ্যাত্মিক দৃশ্য।

বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসে এক সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত সাধাৰণ ভকতৰ দৰে নামঘৰৰ মজিয়াত বহি অংশগ্ৰহণ কৰিলে নাম-প্ৰসংগত । হাতত চাপৰি বাই, ভগৱানৰ নাম লৈ বিলীন হৈ পৰিল ভক্তিৰসত ।

ৰাজনীতিৰ ব্যস্ততা আঁতৰাই থৈ গুৰুজনাৰ পবিত্ৰ তিথিত বিধায়কগৰাকীৰ এই সৰল আৰু আধ্যাত্মিক ৰূপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।

Leave A Reply

Your email address will not be published.

Translate »