বাইহাটা চাৰিআলিত আৰক্ষীৰ অভিযান, ১৬ লাখ টকা আৰু ২৭ কেজি ভাং জব্দ
বাইহাটা চাৰিআলি: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আগডলা গাঁৱত আৰক্ষীয়ে অভিযান চলাই নগদ ১৬ লাখ টকা আৰু ২৭ কেজি ভাং জব্দ কৰে।
জানিব পৰা মতে, বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ জ্যোতি পাটিৰিৰ নেতৃত্বত আগডলা গাঁৱৰ গৌতম শৰ্মাৰ বাসগৃহত এই অভিযান চলোৱা হয়। অভিযানকালত নগদ ধনখিনিৰ লগতে ২৭ কেজি ভাং উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে।

ঘটনাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আৰক্ষীয়ে গৌতম শৰ্মা আৰু মানস শৰ্মা নামৰ দুজন লোকক আটক কৰে।
জব্দ কৰা ধন আৰু ভাং সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান চলাই আছে।