Your Mic Your Voice

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত যোৰহাটত প্ৰতিবাদ

0

যোৰহাট: অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবীত যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে।

সংগঠনটোৰ উদ্যোগত যোৰহাট নগৰৰ মাজমজিয়াত অনুষ্ঠিত হয় বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে।

unimex

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াই অসমৰ জনসাধাৰণৰ জীৱন-জীৱিকা, কৃষিভূমি আৰু সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰি আহিছে। কিন্তু দীৰ্ঘদিনীয়া এই সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৰ্যাপ্ত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংগঠনটোৱে অভিযোগ কৰে।

বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বিশেষজ্ঞসকলৰ পৰামৰ্শ আৰু বৈজ্ঞানিক পদ্ধতি অৱলম্বনেৰে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰীসকলে।

Leave A Reply

Your email address will not be published.

Translate »