Your Mic Your Voice

ক্ষেত্ৰীৰ নলগেদ্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, ৬জনৰ মৃত্যু

0

ক্ষেত্ৰীৰ নলগেদ্ৰাত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ছজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ট্ৰেভেলাৰখনত ২০জনতকৈ অধিক যাত্ৰী আছিল। নলগেদ্ৰাৰ সমীপত ঘাইপথৰ এটা প্ৰকাণ্ড গাঁতত পৰাৰ ফলত বাহনখনৰ টায়াৰ ফাটি যায়। ইয়াৰ পাছতে চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা মালবাহী ট্ৰাকখনত খুন্দা মাৰে।

unimex

সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰখনৰ পাঁচজন পুৰুষ আৰু এগৰাকী মহিলাকে ধৰি মুঠ ছজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত কেইবাজনো যাত্ৰীক ক্ষেত্ৰী আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে, দুৰ্ঘটনাটোৰ পাছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ঘাইপথৰ বৃহৎ বৃহৎ গাঁতৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰি ৰাইজে পথ অৱৰোধ কৰে। প্ৰায় তিনি ঘণ্টা ধৰি ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, নলগেদ্ৰাৰ এই পথছোৱাত দীৰ্ঘদিন ধৰি বিপজ্জনক গাঁত সৃষ্টি হৈ আছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই সময়মতে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ঘাইপথটোৰ এই অংশটো এতিয়া এক গুৰুতৰ দুৰ্ঘটনাপ্ৰৱণ এলেকাত পৰিণত হোৱা বুলি ৰাইজে অভিযোগ কৰে।

Leave A Reply

Your email address will not be published.

Translate »