Your Mic Your Voice

জন্মদিন খাবলৈ গৈ নাহিল ঘূৰি, প্ৰাণ হেৰুৱালে ৬জন লোকে

0

অন্ধ্ৰপ্ৰদেশৰ পলনাডু জিলাত বুধবাৰে মাজনিশা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু অটোৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ৬ জন লোকে।

ঘটনাৰ বিৱৰণী অনুসৰি, বেলুৰো গাঁওৰ কেইবাজনো ব্যক্তি প্ৰকাশম জিলাৰ কোন্দামঞ্জুলুৰুত থকা আত্মীয়ৰ ঘৰত জন্মদিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত কৰুণ দুৰ্ঘটনাত পতিত হয়। আৰু থিতাতে মৃত্যুক আকোৱালি লয় ৬জন লোকে। লগতে
গুৰুতৰভাৱে আহত হয় দুজন লোক।এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাত পতিত হোৱা অটোখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছিল।

unimex

প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি তীব্ৰ গতিবেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাছখনে তীব্ৰ বেগেৰে অটোখনত খুন্দা মৰাৰ ফলত অটোখনত থকা আটাইকেইজন আৰোহীৰ মৃত্যু হয়।

এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আহত ব্যক্তি দুজনক চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰে। সংকটজনক অৱস্থাত লোক দুজন লচিকিৎসাধীন হৈ আছে। এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.

Translate »