Your Mic Your Voice

শাওণৰ শেষৰটো সোমবাৰে মন্দিৰত শোকাৱহ ঘটনা; প্ৰাণ হানি ৭ ভক্তৰ

0

শাওণৰ শেষৰটো সোমবাৰেৰ দিনাই মন্দিৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিহাৰৰ লক্ষীচৰাই জিলাৰ অশোক ধাম মন্দিৰলৈ যোৱাৰ পথতে সংগঠিত হৈছে ঘটনাটো । জানিব পৰা মতে, মন্দিৰত ভক্তৰ ভিৰ বৃদ্ধি হোৱাৰ ফলতেই সোমবাৰে সংঘটিত হৈছে শোকাৱহ ঘটনাটো । এই পদপৃষ্টৰ ঘটনাটোত কমেও ৭ জন ভক্তৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে । বিদ্যুতৰ খুঁটা ভাঙি পৰা বুলি উৰাবাতৰি বিয়পাৰ পাচতেই ৰাইজৰ মাজত সৃষ্টি হয় আতংকিত পৰিৱেশৰ ।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে বিষয়া আৰু আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । আনহাতে আহতসকলক চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । এই ঘটনাক অত্যন্ত মৰ্মান্তিক আখ্যা দি বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে আহতসকলৰ উপযুক্ত আৰু তৎকালীন চিকিৎসা সুনিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ।

এই ঘটনাত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত লক্ষীচৰাই জিলাৰ দণ্ডাধীশ শৈলেন্দ্ৰ কুমাৰে কয় যে পুৱা প্ৰায় ৬.৩০-৬.৪৫ বজাত দুখন ৰে’লত অহা ভক্তই ভিৰ কৰে মন্দিৰৰ বাহিৰত আৰু ইয়াৰ ফলত মন্দিৰৰ বাহিৰৰ বেৰিকেড ভাঙি পৰে ।

unimex

কুমাৰে এই সন্দৰ্ভত কয়, “হঠাতে অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হয় মন্দিৰৰ বাহিৰত । প্ৰায় ৬.৩০-৬.৪৫ বজাত ইয়ালৈ দুখন ৰে’ল আহিল যিয়ে ভিৰ বৃদ্ধি কৰিলে । লগতে কোনোৱে বিদ্যুতৰ খুঁটা ভাঙি পৰা বুলিও উৰাবাতৰি বিয়পোৱাৰ ফলত আতংকিত হৈ পৰে উপস্থিত ভক্ত । ইয়াৰ পাচতেই সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বেৰিকেড ভাঙি পৰে আৰু উপস্থিত থকা ভক্তসকল ইজন ওপৰত সিজন বাগৰি পৰে ।”

দণ্ডাধীশগৰাকীয়ে উল্লেখ কৰা মতে আৰক্ষী প্ৰশাসনে পুৱা ৩ বজাৰ পৰাই উক্ত এলেকাটোত তহলদাৰী অব্যাহত ৰাখিছিল । কিন্তু ২ মিনিটৰ ভিতৰতে সমগ্ৰ ঘটনাটো সংঘটিত হয় ।

মহকুমা আৰক্ষী বিষয়া শিৱম কুমাৰে এই সন্দৰ্ভত জনাই কয়, “প্ৰাথমিক প্ৰতিবেদন অনুসৰি উক্ত স্থানত বিদ্যুতৰ খুঁটা এটা পৰি বিদ্যুৎস্পৃষ্ট হোৱা বুলি উৰাবাতৰি বিয়পাৰ পাচতে পদপৃষ্টৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় ।”

তেওঁ পুনৰ কয়, “সাতজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আমি সকলো পৰীক্ষা কৰাৰ পিছতহে সঠিক কাৰণ ক’ব পাৰিম ।”

উল্লেখ্য যে, শাওণ মাহত এই মন্দিৰত প্ৰতিবছৰে বৃহৎ সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় ।

Leave A Reply

Your email address will not be published.

Translate »