Your Mic Your Voice

দুৰ্গা পূজাৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

0

উজনি অসমৰ বানপীড়িত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত প্ৰতিটো পৰিয়াললৈ সোমবাৰে পুনৰ আৰ্থিক সাহায্য ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি সম্বোধন কৰা এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে মুঠ ১৪৬.২৬ কোটি টকা ব্যয় কৰি ৯৬,৮৪২ টা বানাক্ৰান্ত পৰিয়ালক ১৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে । শৰ্মাই কয় যে আৰু ৩-৪ হাজাৰ ক্ষতিগ্ৰস্ত পৰিয়ালকো এই আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব পাৰে।

unimex

তেওঁ কয় যে বানপানীৰ ক্ষয়-ক্ষতিৰ প্ৰাৰম্ভিক মূল্যায়নত মুঠ লোকচান প্ৰায় ৪৮০ কোটি টকা হৈছে, সমগ্ৰ ৰাজ্যতে ২৬,৬৮১টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।

চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত সম্প্ৰতি দ্ৰুত ক্ষয়-ক্ষতিৰ মূল্যায়ন চলি আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় । ১০ বা ১১ ছেপ্টেম্বৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ মূল্যায়ন সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে । দুৰ্গা পূজাৰ পূৰ্বে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ লক্ষ্য চৰকাৰৰ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাৰ অন্তত চৰাইদেউ আৰু শিৱসাগৰ জিলাত যোগ্য হিতাধিকাৰীৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলিও সংবাদমেলত উল্লেখ কৰে শৰ্মাই ।

Leave A Reply

Your email address will not be published.

Translate »