বিজ্ঞাপনে বিপদত পেলালে ৩ ছুপাৰষ্টাৰক; FDA ৰ জাননী শ্বাহৰুখ-অজয়-টাইগাৰলৈ
‘বিমল ইলাচি’ বিজ্ঞাপনত বলিউডৰ তিনি অভিনেতাৰ ভূমিকা সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে FDA য়ে । ৰাজ্যখনৰ নিষিদ্ধ সামগ্ৰী পান মছলাৰ পৰোক্ষভাৱে বিজ্ঞাপনৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ।
২০২৪ চনত পান মছলা কোম্পানী বিমলৰ ইলাচিৰ বিজ্ঞাপন প্ৰচাৰৰ সৈতে জড়িত হৈ পৰা পৰিলক্ষিত হৈছিল তিনিওজন ছুপাৰষ্টাৰক ।
মহাৰাষ্ট্ৰৰ খাদ্য সুৰক্ষাৰ মুৰব্বী টুকাৰম মুণ্ডেয়ে যোৱা ১১ আগষ্টত জাৰি কৰা কাৰণ দৰ্শোৱা জাননীত অভিনেতাসকলক এই অভিযানত অংশগ্ৰহণ তৎক্ষণাত বন্ধ কৰিবলৈ আৰু বিজ্ঞাপনটোৰ সৈতে জড়িত সকলো প্ৰচাৰমূলক বিষয়বস্তু তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা আঁতৰাই পেলাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

৯ পৃষ্ঠাৰ জাননীত মুৰব্বীগৰাকীয়ে কয় যে উক্ত বিজ্ঞাপনটো পৰীক্ষা কৰিলে দেখা যায় যে বিজ্ঞাপনটোৱে বিমল ব্ৰেণ্ডৰ প্ৰচাৰ কৰিছে, যিটো মূলতঃ মহাৰাষ্ট্ৰ ৰাজ্যত নিৰ্মাণ, সংৰক্ষণ, পৰিবহণ, বিতৰণ আৰু বিক্ৰীৰ বাবে নিষিদ্ধ পান মছলাৰ সৈতে জড়িত ।

তেওঁ কয় যে বিজ্ঞাপনটোত থকা ‘বিমল ইলাচি’ ক এনেদৰে প্ৰদৰ্শন কৰা হৈছে যে “বিমল পান মছলা ব্ৰেণ্ডৰ সৈতে ইয়াৰ এক সম্পৰ্ক গঢ়ি তোলা যেন লাগে”। ই “গ্ৰাহকক বিপথে পৰিচালিত কৰিব পাৰে” আৰু নিষিদ্ধ সামগ্ৰীৰ ব্ৰেণ্ড পৰিচয়ক “পৰোক্ষভাৱে প্ৰচাৰ” কৰিব পাৰে বুলি জাননীখনত কৰ্তৃপক্ষই উল্লেখ কৰিছে, আনহাতে জনস্বাস্থ্য আৰু সুৰক্ষাৰ নিয়মৰ উদ্ধৃতি দি মহাৰাষ্ট্ৰৰ ভিতৰত পান মছলা নিৰ্মাণ, সংৰক্ষণ, বিতৰণ আৰু বিক্ৰী কঠোৰভাৱে নিষিদ্ধ কৰা ৰাজ্যব্যাপী নিষেধাজ্ঞা আদেশৰ আৰোপ কৰা হৈছে ।
তেওঁ কয়, “যদি ইলাইচি বা অনুৰূপ সামগ্ৰীৰ নামত “বিমল” ব্ৰেণ্ডৰ ব্যৱহাৰৰ উদ্দেশ্য হৈছে পান মছলা/ধঁপাত সম্পৰ্কীয় সামগ্ৰীৰ সৈতে জড়িত ব্ৰেণ্ড পৰিচয় আৰু গ্ৰাহকৰ আকৰ্ষণ বজাই ৰখা, শক্তিশালী কৰা বা বৃদ্ধি কৰা, তেন্তে এনে সংযোগ কেৱল কোনো স্বতন্ত্ৰ সামগ্ৰীৰ বিজ্ঞাপন নহয়, বৰঞ্চ পৰোক্ষভাৱে নিষিদ্ধ সামগ্ৰীৰ প্ৰচাৰৰ সম পৰ্যায়ৰ হ’ব পাৰে ।”
গুটখা আৰু অন্যান্য নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰী নিৰ্মাণ বা বিক্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা মুণ্ডেয়ে তেওঁলোকৰ এণ্ডাৰছমেণ্ট চুক্তিৰ সম্পূৰ্ণ কপি, প্ৰচাৰ ব্ৰিফ, পেমেণ্টৰ ব্যৱস্থা আৰু যথাযথ পৰিশ্ৰমৰ প্ৰমাণ দাবী কৰিছে অভিনেতা তিনিওজনৰ পৰা ।
উল্লেখিত গ্ৰাহক সুৰক্ষা আইনসমূহৰ অধীনত বিভ্ৰান্তিকৰ এণ্ডাৰছেমেণ্টে ১০ লাখৰ পৰা ৫০ লাখ টকালৈকে জৰিমনা দাবী কৰিব পাৰে আৰু এণ্ডাৰছাৰসকলক তিনি বছৰলৈকে যিকোনো সামগ্ৰীৰ এণ্ডাৰছমেণ্টত নিষেধাজ্ঞা আৰোপ কৰিব পৰা যায় ।
উল্লেখ্য যে ২০২২ চনত অভিনেতা অক্ষয় কুমাৰে শ্বাহৰুখ খান আৰু অজয় দেৱগনৰ সৈতে বিমল ইলাচীৰ বিজ্ঞাপনত অভিনয় কৰাৰ বাবে প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ পিছত অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হৈছিল সামাজিক মাধ্যমযোগে ।