Your Mic Your Voice

লালকিল্লাৰ পৰা দেশবাসীলৈ বিশেষ আহ্বান মোডীৰ: শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰতাৰ ওপৰত গুৰুত্ব আৰোপ

0

আজি সমগ্ৰ দেশে পালন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস। ইংৰাজৰ শাসনৰ পৰা মুক্ত হৈ ভাৰতে ১৯৪৭ চনৰ আজিৰ দিনটোৰ পৰাই লাভ কৰিছিল স্বাধীনতা। ৭৯ টা বসন্ত গৰকি আজি আকৌ এটা নতুন স্বাধীন বৰ্ষৰ বাবে আগবাঢ়িছে ভাৰত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লালকিল্লাত দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰে। ভাষণত তেওঁ বিকশিত ভাৰতৰ প্ৰসংগ উল্লেখ কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰসংগ উল্লেখ কৰে।

শক্তিখণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তা , ডাটা চেণ্টাৰ আৰু আধুনিক প্ৰযুক্তি বিদ্যাৰ বিকাশৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজন হ’ব সেয়েহে শক্তি সুৰক্ষা এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে পেট্ৰ’ল, ডিজেল,সাৰ, প্ৰযুক্তিবিদ্যা, ঔষধ আদিৰ দৰে সম্পদক গুৰুত্বপূৰ্ণ আখ্যা দি তেওঁ এই সম্পদসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কথা উল্লেখ কৰে।

বানত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতিও প্ৰধানমন্ত্ৰীয়ে সমবেদনা প্ৰকাশ কৰে আৰু এই বিপদৰ সময়ত চৰকাৰ তেঁওলোকৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰে।

unimex

যিবোৰ কাম পাচ দশক ধৰি অসম্পূৰ্ণ হৈ আছে সেই কামসমূহ অহা ৫ পৰা ৭ বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ আগবাঢ়িব বুলি তেওঁ উল্লেখ কৰে।

লগতে ডিজাইনৰ পৰা উৎপাদনলৈ দেশক যোগান শৃংখলাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰসংগ উল্লেখ কৰি গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে ।

২০১৪ চনৰ পৰাই নক্সালবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

শক্তিৰ সপ্তধাৰাৰ প্ৰতি আহ্বান জনাই উৎপাদন আৰু নিৰ্মাণ খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে তেওঁ গুৰুত্ব আৰোপ কৰে।

Leave A Reply

Your email address will not be published.

Translate »