Your Mic Your Voice

অৰুণাচল প্ৰশাসনক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দি প্ৰতিবাদ স্থগিতৰ সিদ্ধান্ত TMPK ৰ

0

অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে প্ৰস্তাৱিত পথ আৰু অৰ্থনৈতিক অৱৰোধ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে মিচিং ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাঙে (টিএমপিকে) । TMPK ৰ নেতৃত্বই অসমৰ মন্ত্ৰী ৰণোজ পেগু আৰু অতুল বৰাৰ সৈতে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ।

TMPK ৰ সভাপতি তিলক দ’লেই এই সিদ্ধান্ত নিশ্চিত কৰি কয় যে মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত সংগঠনটোৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

unimex

উল্লেখ্য যে, অসমীয়াক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰিছিল আৰু সেইকেইজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত এই অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছিল প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে তীব্ৰ ভাষাৰে অৰুণাচল চৰকাৰৰ ভূমিকাক সমালোচনা কৰাৰ লগতে চাৰিদিন উকলি যোৱাৰ পিছতো অভিযুক্ত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত সংশ্লিষ্ট প্ৰশাসনক তীব্ৰ ভাষাৰে গৰিহণা দিয়া পৰিলক্ষিত হৈছিল । পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে অৰুণাচল প্ৰশাসনক ৪৮ ঘণ্টাৰ সময়সীমা দি আন্দোলনকাৰীসকলে প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.

Translate »