উজনিৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি ১০০ জনলৈ; বৰ্তমানেও সহস্ৰাধিক আৱদ্ধ আশ্ৰয় শিবিৰত
পানী কমিলেও ৰাজ্যৰ শেহতীয়া বানৰ প্ৰাৰ্দুভাৱৰ পৰা মুক্ত হ’ব পৰা নাই ৰাজ্যবাসী । নিতৌ এটি-দুটিকৈ মৃতদেহ উদ্ধাৰ হৈয়ে আছে । দেওবাৰে প্ৰশাসনে চলোৱা অভিযানত পুনৰ দুজন লোকৰ মৃতদেহ উদ্ধাৰ হয় । ইয়াৰ লগে লগে শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পাইছে ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰৰ নিশা প্ৰকাশ কৰা বুলেটিন অনুসৰি, বিগত ২৪ ঘন্টাত গোলাঘাট আৰু কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ বানত মৃত্যু ঘটিছে ৷ ইফালে গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, লখিমপুৰ, যোৰহাট, কাৰ্বি আংলং, চৰাইদেউ, নগাঁও, বিশ্বনাথ জিলাত ১,৩৭,৫০০ ৰো অধিক লোক বানত আক্ৰান্ত হৈ আছে ৷

গোলাঘাট জিলাত প্ৰায় ৭০ হাজাৰ লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰত প্ৰায় ৪০ হাজাৰ আৰু যোৰহাটত ১৬ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে ৷ প্ৰশাসনে ছয়খন জিলাত ১২৫টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে আৰু এই আশ্ৰয় শিবিৰত ৪৯,০৬১জন লোক বৰ্তমানেও আশ্ৰয় লৈ আছে ৷
১০ খন জিলাৰ ২৮ টা ৰাজহ চক্ৰৰ ৪৫৬ খন গাঁও বানত ডুব যোৱাৰ বিপৰীতে ১১,৯৩৩.৪৬ হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হৈছে ৷ ঘৰচীয়া জীৱ-জন্তু, হাঁহ-কুকুৰাকে ধৰি কেইবাখনো জিলাৰ মথাউৰি, পথ, দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হৈছে ৷ মুঠৰ ওপৰত ক’ব পাৰি যে ৰাজ্যৰ শেহতীয়া বানে উজনিৰ বানাক্ৰান্ত এলেকাচত বিস্তৰ ক্ষতিসাধন কৰিছে ।
চৰকাৰী তথ্য অনুসৰি গোলাঘাট আৰু নুমলীগড়ৰ ধনশিৰি আৰু শ্ৰীভূমিৰ কুশিয়াৰা নৈৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷