Your Mic Your Voice

BWFৰ খিতাপ জিনা প্ৰথমগৰাকী অসমীয়াৰ খিতাপ আৰ্জিলে অস্মিতা চলিহাই

0

কোৰিয়া মাষ্টাৰ্ছৰ খিতাপ জিনিলে অসমৰ অস্মিতা চলিহাই । টাইপেইত তনভী শৰ্মাই জয়লাভ কৰাৰ এসপ্তাহৰ পাছত ভাৰতীয় মহিলা একক শাখাত কোৰিয়া মাষ্টাৰ্ছত জয়লাভ কৰি অসমীয়া শ্বাটলাৰ অশ্মিতা চলিহাই এক উল্লেখযোগ্য সাফল্য লাভ কৰে ।

অসম কন্যা অস্মিতাই কোৰিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে । অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ কিউ হানক ১৪-২১, ২১-১৪, ২১-১৬ গেমত পৰাস্ত কৰে ।

unimex

ঠিক দুবছৰ পূৰ্বে কোৰিয়াত কেৰিয়াৰৰ ভাবুকিৰ সন্মুখীন হৈছিল অশ্মিতা । ইয়াৰ পাচত শেহতীয়াকৈ লাভ কৰা এই সাফল্য আছিল অশ্মিতাৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি । উল্লেখযোগ্য যে, আঁঠুৰ মেনিস্কাছ ফাটি যোৱাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল অশ্মিতাক ।

বিশ্বৰ ৫০ সংখ্যক অস্মিতাই শীর্ষ ছিড তথা বিশ্বৰ ২২ নম্বৰ স্থানত থকা জাপানৰ হিনা আকেশীক শেষ আঠত পৰাস্ত কৰে ৷ এই বিজয়ে অশ্মিতাক আত্মবিশ্বাসী কৰি তুলিছিল । কিন্তু শনিবাৰে অন্তিম চাৰিটাত অপৰাজিত প্ৰতিদ্বন্দ্বী বিশ্বৰ ৪৯ নম্বৰৰ বিৰুদ্ধে হোৱা যুঁজখন একেবাৰেই সহজ নাছিল ।

প্ৰথমখন খেলত নিয়ন্ত্ৰণ ৰাখি অস্মিতাই জয়লাভ কৰে । অৱশ্যে দ্বিতীয়খন খেল বৰ সহজ নাছিল । দীঘলীয়া সময় ধৰি চলি আছিল যুঁজ । অৱশ্যে অসমৰ জীয়ৰীয়ে মাৰিবলৈ সক্ষম হ’ল শেষ হাঁহি । ২১-১৬ গ’লত জয়লাভ কৰে খেলখনত ।

Leave A Reply

Your email address will not be published.

Translate »