Your Mic Your Voice

ৰাজ্যৰ তিনি জিলাৰ বান পৰিস্থিতি সম্পৰ্কে ইছৰোৱে কেবা ঘন্টা পূৰ্বেই প্ৰেৰণ কৰিছিল সতৰ্কবাণী: দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

0

বানত বিধ্বস্ত হৈ পৰা উজনি অসমৰ জিলাসমূহত দুৰ্যোগৰ পূৰ্বে আগতীয়া সতৰ্কতা জাৰি কৰাত জিলা প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ কিয় চৰমভাৱে ব্যৰ্থ হ’ল, সেই সন্দৰ্ভত বহু আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে । লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে উত্থাপন কৰা এক প্ৰশ্নৰ কেন্দ্ৰীয় চৰকাৰে দিয়া লিখিত উত্তৰে ৰাজ্য চৰকাৰ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ এএছডিএমএৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । সাংসদ গগৈৰ ২৯০৯ নম্বৰৰ প্ৰশ্নৰ উত্তৰ দি লোকসভাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে প্ৰায় তাৎক্ষণিক (নিয়েৰ ৰিয়েল টাইম) বান নিৰীক্ষণ সেৱা যোগান ধৰি আহিছে আৰু উপগ্ৰহৰ পৰা তথ্য সংগ্ৰহ কৰাৰ মাত্ৰ ৫-৬ ঘণ্টাৰ ভিতৰতেই এই সতৰ্কতামূলক সূক্ষ্ম মানচিত্ৰ তথা তথ্যসমূহ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ প্ৰেৰণ কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি, ইছৰোৱে অত্যন্ত নিখুঁত আৰু উচ্চ ক্ষমতাসম্পন্ন উপগ্ৰহৰ সহায়ত বানপানীৰ স্থিতি নিৰীক্ষণ কৰে । ইয়াৰ বাবে ইঅ’এছ-০৪ (RISAT-1A) মাইক্ৰ’ৱেভ ছেটেলাইট, ৰিচ’ৰ্চচেট ২/২এ, কাৰ্টোচেট-২ই আৰু ০.২৮ মিটাৰ পৰ্যন্ত সূক্ষ্ম ক্ষমতাৰ কাৰ্টোছেট-৩ উপগ্ৰহ ব্যৱহাৰ কৰা হয় । এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে ইছৰোৱে ২০২৫ চনৰ বৰ্ষা ঋতুত ৪৫ খন আৰু ২০২৬ চনৰ বাৰিষা কালত (২৮ জুলাইলৈকে) ৩৩ খন পুংখানুপুংখ বানপানীৰ আগজাননী সম্পৰ্কীয় মানচিত্ৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক প্ৰদান কৰিছে । কেৱল সেয়াই নহয়, এই সকলোবোৰ তথ্য জিলা আৰু মহকুমা পৰ্যায়ত চাব পৰাকৈ ‘এনডিইএম’ (NDEM) আৰু ‘ভুৱন’ (Bhuvan) পৰ্টেলতো উপলব্ধ কৰা হৈছে । সমান্তৰালভাৱে চেঞ্চৰ-স্পেচিফিক প্ৰচেচিং এলগৰিথমৰ জৰিয়তে জিলা পৰ্যায়ৰ বান ৰিপ’ৰ্ট তৈয়াৰ কৰাৰো দিহা কৰা হৈছে ।

unimex

ইছৰোৰ পৰা এনেদৰে নিখুঁত আৰু ক্ষীপ্ৰভাৱে বানৰ তথ্য অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ হাতত উপলব্ধ হোৱাৰ পিছতো উজনি অসমৰ জিলা ৩খনত কিয় ৰাইজক আগতীয়াকৈ সতৰ্ক কৰা নহ’ল বুলি ৰাজ্য চৰকাৰক ওভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে । গগৈয়ে কয় যে, যোৱা ১৯ জুলাইত সমগ্ৰ শিৱসাগৰ জিলা বানৰ কবলত পৰাৰ সময়ত জিলাখনৰ আয়ুক্তই স্বীকাৰ কৰিছিল যে জিলা প্ৰশাসনে প্ৰস্তুতি চলাবলৈ বা উদ্ধাৰ অভিযান হাতত ল’বলৈ মাত্ৰ ৩ ঘণ্টাহে সময় পাইছিল আৰু চৰকাৰীভাৱে পূৰ্বতে কোনো সতৰ্কবাণী প্ৰেৰণ কৰা হোৱা নাছিল । যদিহে ইছৰোৰ পৰা ৫-৬ ঘণ্টাৰ ভিতৰতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সমস্ত উপগ্ৰহীয় তথ্য আৰু বানৰ আগজাননী সম্পৰ্কীয় মানচিত্ৰ লাভ কৰিছিল, তেন্তে সেই তথ্যসমূহ প্ৰাধিকৰণে কিয় জিলা প্ৰশাসন বা স্থানীয় ৰাইজক সময়মতে অৱগত নকৰিলে বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে ।

গগৈয়ে অভিযোগ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু জিলা প্ৰশাসনৰ ভাষ্যৰ বিপৰীত স্থিতিয়ে প্ৰমাণ কৰে যে ইছৰোৱে যোগান ধৰা অত্যাধুনিক বিজ্ঞানসন্মত সতৰ্কতাৰ সুবিধা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ৰাজ্য চৰকাৰে সঠিকভাৱে গ্ৰহণ কৰাত চৰমভাৱে ব্যৰ্থ হৈছে । মহাকাশ গৱেষণা সংস্থাৰ সতৰ্কবাণী ৰাজ্যিক কাৰ্যালয়ৰ ফাইলৰ মেৰপেচতে আৱদ্ধ হৈ ৰোৱাৰ বাবেই খৰতকীয়া কোনো সতৰ্কতা জাৰি নহ’ল, যাৰ প্ৰত্যক্ষ ফল ভুগিবলগীয়া হ’ল উজনি অসমৰ সহস্ৰাধিক অসহায় ৰাইজে । সময়মতে আগতীয়া খবৰ নোপোৱাৰ বাবে ৰাইজে নিজৰ গৰু-ছাগলী, ঘৰুৱা সামগ্ৰী আৰু সা-সম্পত্তি নিৰাপদ স্থানলৈ নিবলৈ কোনো সময় নাপালে । ইছৰোৱে যোগান ধৰা আগজাননী সম্পৰ্কীয় এনে তথ্যসমূহৰ সুবিধা কেনেকৈ আৰু কাৰ ভুলৰ বাবে ৰাইজে লাভ নকৰিলে, সেয়া চৰকাৰক স্পষ্ট কৰি দিবলৈকো দাবী জনাইছে সাংসদ গৌৰৱ গগৈয়ে ।

Leave A Reply

Your email address will not be published.

Translate »