হাতত বাকচ- QR কোড লৈ বান সাহায্য সংগ্ৰহ নচলিব: অসম আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ কঢ়া নিৰ্দেশ
ৰাজ্যৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ বাবে দুৰ্গতসকলক সহায় কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে বাটে-পথে পুঁজি সংগ্ৰহ কৰি অহা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে এই বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বাটে-ঘাটে বান সাহায্য সংগ্ৰহৰ বিষয়টোত আৰক্ষীক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
গুৱাহাটীত বান সাহায্য সংগ্ৰহ কৰাৰ প্ৰসংগত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । অসমত বান সাহায্যৰ নামত ৰাজপথ, যান-বাহনৰ পৰা বা আন ৰাজহুৱা স্থানত অনুমতি অবিহনে ধন সংগ্ৰহ কৰাটো এতিয়াৰ পৰা সহ্য কৰা নহ’ব বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে লগতে বানপীড়িতক সাহায্য প্ৰদানৰ নামত জোৰ-জবৰদস্তি বা অনুমতি নোলোৱাকৈ ধন সংগ্ৰহ কৰা লোক বা সংগঠনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ব্যক্তি বা সংগঠনে ৰাজপথত দান বাকচ লৈ বা QR কোড দেখুৱাই পথচাৰী আৰু যান-বাহনৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰিব । ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাস্তাৰ কাষত দান বাকচ বা কিউ-আৰ কোড ব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰা দেখা গ’লে আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব । ৰাজ্যজুৰি এনে অনুমতিবিহীন ধন সংগ্ৰহৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ অসম আৰক্ষীক স্পষ্ট নিৰ্দেশ দিয়া হৈছে ।
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত বানপীড়িত লোকক সহায় কৰাৰ নামত পথৰ মাজত আৰু ৰাজহুৱা স্থানত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।