এজাক বৰষুণতেই পুনৰ জলমগ্ন যোৰহাট চহৰ; একঁকাল পৰ্যন্ত পানী ঘৰৰ ভিতৰত
এজাক মুষলধাৰ বৰষুণৰ পাচতে পুনৰ জলমগ্ন হৈ পৰিল যোৰহাট । যোৰহাট মেডিকেল কলেজৰ সমীপৰ কমলাবৰীয়া অঞ্চলত শেহতীয়াকৈ অহা এজাক প্ৰবল বৰষুণৰ পাচতে পুনৰ বানৰ কৱলত পৰে সংশ্লিষ্ট বাসিন্দাসকল । ইয়াৰ পিছতেই ২০টাকৈও অধিক বাসগৃহ পানীৰ তলত ডুব যায় । ইয়াৰ লগতে মুহূৰ্তৰ ভিতৰতে ঘৰৰ ভিতৰ পৰ্যন্ত পানী সোমায়; যিয়ে সমস্যাৰ সন্মুখীন কৰাইছে অঞ্চলবাসীক ।
হঠাতে পানীৰ স্তৰ বৃদ্ধি পোৱাৰ ফলত বহু পৰিয়াল ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে । বিশেষকৈ শিশু, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলক গাঁওবাসীৰ তৎপৰতাত নিৰাপদ স্থানলৈ লৈ যোৱা হয়। স্থানীয় ৰাইজে জৰুৰীকালীনভাৱে উদ্ধাৰ অভিযান চলোৱাৰ বাবে বহু লোকৰ প্ৰাণ ৰক্ষা পৰে যদিও এই জলমগ্নতাই ব্যাহত কৰি পেলাইছে সৰ্বসাধাৰণৰ জনজীৱন ।

স্থানীয় লোকে জনোৱা অনুসৰি বহু পৰিয়ালৰ ঘৰৰ আচবাব, শোৱা-বহা কোঠা আদি পৰ্যন্ত বৰ্তমান পানীৰ তলত আৱদ্ধ হৈ পৰিছে । ফলত পৰিয়ালসমূহে চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে । দুৰ্ভাগ্যজনকভাৱে বহু পৰিয়ালে এতিয়াও ঘৰৰ ভিতৰলৈ সোমাব পৰা নাই ।
এজাক বৰষুণৰ পাচতেই কিয় এনেদৰে সঘনাই প্লাবিত হৈ পৰে যোৰহাট- সচেতন লোকৰ মনত উত্থাপিত হৈছে এই প্ৰ্শ্নৰ । নগৰখনৰ নলা-নৰ্দমাৰ অব্যৱস্থা, পানী নিষ্কাশনৰ অবাস্তৱিক পৰিকল্পনাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ সোপাঢিলা নীতিক লৈও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে ।
কমলাবৰীয়া অঞ্চলৰ বাসিন্দাসকলে শীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধান দাবী কৰিছে ।