Your Mic Your Voice

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা অজিংক্য ৰাহানেৰ

0

ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । অৱসৰৰ কথা ঘোষণা কৰাৰ সময়ত আৱেগিক হৈ পৰা দেখা গৈছিল ক্ৰিকেটাৰগৰাকীক ।

অজিংক্য ৰাহানে কয়, “আৰম্ভণি হ’লে শেষ হ’বই – এয়াই হ’ল জীৱনৰ চৰম সত্য । সময়ক সন্মান জনাই সকলোৱে আগবাঢ়িব লাগিব । আনকি মোৰ বেটিঙৰ ক্ষেত্ৰতো মই সময়ৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ আৰু ইয়াৰ গুৰুত্ব বুজি পাইছিলোঁ । আজি মই অনুভৱ কৰিছো যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ উপযুক্ত সময় আহি পৰিছে ।”

unimex

ৰাহানে আৰু কয়, “মোৰ প্ৰথম দিনৰ পৰাই, যেতিয়া মই সৰু আছিলো আৰু বৰিভালিলৈ অনুশীলনৰ বাবে গৈছিলো, তেতিয়াৰ পৰাই মই ক্ৰিকেটক মোৰ সকলোখিনি দিছিলো । প্ৰতিদিনে মই সপোন দেখিছিলো ভাৰতীয় দলৰ টুপীটো পৰিধান কৰাৰ । মই এটা নিয়ম মানি চলিছিলো: মোৰ দেশখনক সৰ্বোপৰি স্থানত ৰাখিছিলো ।”

ৰাহানে কয়, “যোৱা ২০ বছৰ ধৰি ভাৰতীয় ক্ৰিকেটৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত । ক্ৰিকেটাৰ হিচাপে মোৰ যাত্ৰা শেষ হ’বলৈ ওলাইছে, কিন্তু খেলৰ সৈতে মোৰ সম্পৰ্ক শেষ হোৱা নাই । মই পৰৱৰ্তী প্ৰজন্মক সহায় কৰিবলৈ সাজু । ক্ৰিকেটে মোক যি শিকালে, মই পৰৱৰ্তী প্ৰজন্মক শিকাম ।”

ৰাহানে BCCI, MCA ৰ লগতে তেওঁৰ সৈতে কাম কৰা সকলো প্ৰশিক্ষক, খেলুৱৈ আৰু আইপিএল কৰ্তৃপক্ষক ধন্যবাদ জনায় । লগতে তেওঁৰ পত্নী, পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতিও কৃতজ্ঞতা জনায় ।

Leave A Reply

Your email address will not be published.

Translate »