কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ পানগ্রামত দেওবাৰে সংঘটিত হৈছিল এটি ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । জিলাখনৰ কেডি ৰড ইণ্ডাষ্টীত LPG চিলিণ্ডাৰ বিস্ফোৰণ ঘটি চাৰি গৰাকীকৈ শ্রমিকৰ মৃত্যু ঘটাৰ পাচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তৰ । আৰক্ষীয়ে কাৰখানাটোৰ গৰাকীকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
দেওবাৰে পুৱা কাছাৰৰ কাৰখানাটোত সংঘটিত হোৱা এই বিস্ফোৰণত চাৰিজন শ্ৰমিক নিহত হোৱাৰ লগতে আহত হয় দুজন কৰ্মচাৰী । আৰক্ষীয়ে জনোৱা মতে, কাছাৰস্থিত কাৰখানাটোৰ পৰিচালনাৰ দায়িত্বত থকা চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে গৰাকীক গুৱাহাটীত গ্ৰেপ্তাৰ কৰি সোমবাৰে জিম্মাত লোৱা হয় ।
অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক বিধানৰ অধীনত গোচৰ ৰুজু কৰা হৈছে, য’ত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । পিছত স্থানীয় আদালতত হাজিৰ কৰোৱা হয় । তদন্তকাৰীয়ে জনোৱা মতে, ইউনিটৰ ভিতৰত কাম চলি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় । ঘটনাৰ সময়ত চিলিণ্ডাৰ ফাটি কাষত থকা শ্ৰমিকসকলক আগুৰি ধৰে বুলি প্ৰথমিক অভিযানত সন্দেহ কৰা হৈছে । হয় থিতাতে নহয় চিকিৎসাধীন অৱস্থাতে চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত শ্ৰমিক দুজন চিকিৎসা সেৱাৰ অধীনত আছে ।
এই ঘটনাৰ ফলত কাৰখানাটোৰ বাহিৰত প্ৰতিবাদৰ সৃষ্টি হয়, স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে যে ইউনিটটোৰ সুৰক্ষাৰ ওপৰত বিগত কিছুদিন ধৰি প্ৰশ্ন উত্থাপন হৈ আহিছে । দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বিস্ফোৰণৰ কাৰণ হোৱা পৰিস্থিতিৰ পুংখানুপুংখ তদন্তৰ আহ্বান জনায় ।
ঘটনাৰ পিছতে ৰাজ্যিক মন্ত্ৰী কৌশিক ৰায়ে কাৰখানাটো পৰিদৰ্শন কৰি দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়ে । জিলা শ্ৰম বিভাগক ইউনিটটোৱে নিৰ্ধাৰিত ঔদ্যোগিক সুৰক্ষাৰ নিয়ম মানি চলি আছিল নেকি সেইটো পৰীক্ষা কৰিবলৈও কোৱা হৈছে ।
বিস্ফোৰণত নিহত প্ৰতিজন শ্ৰমিকৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঔদ্যোগিক সুৰক্ষাৰ মানদণ্ড বলৱৎ কৰাৰ ক্ষেত্ৰত যিকোনো অৱহেলা হ’লে কঠোৰভাৱে মোকাবিলা কৰা হ’ব বুলি উল্লেখ কৰি জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

