ৰাজ্যত বানৰ বিভীষিকা অব্যাহত থকাৰ মাজতে এক গুৰুত্বপূৰ্ণ সৰ্তকবাণী অসমৰ বাবে জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । সক্ৰিয় মৌচুমী বায়ু আৰু বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অহা ৫ দিন ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু ধুমুহা বতাহৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানে জনাইছে । বিভাগে জনোৱা অনুসৰি ২৫ জুলাইৰ পৰা ২৯ জুলাইলৈ অসম আৰু মেঘালয়ত পৃথক পৃথক স্থানত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ । ৩০ আৰু ৩১ জুলাইৰ দিনা যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিভাগে ।
ইয়াৰোপৰি বানাক্ৰান্ত এলেকাত বিশেষ সৰ্তকবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । বিভাগে বানপীড়িত অঞ্চলসমূহ অধিক প্লাবিত হোৱাৰ লগতে ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে বুলিও বতৰ বিভাগে সতৰ্ক কৰি দিছে । বিশেষকৈ নদীৰ পাৰ, পাহাৰীয়া এলেকা আৰু নিম্নাঞ্চলৰ বাসিন্দাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।
ইয়াৰ লগতে মাছমৰীয়াসকলক প্ৰতিকূল বতৰৰ সময়ত নদী বা জলাশয়লৈ নাযাবলৈ আৰু জনসাধাৰণক অপ্রয়োজনীয় ভ্ৰমণ এৰাই চলি স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ ৰাজ্যাবাসীক আহ্বান জনাইছে ।

