• Home  
  • ছাত্ৰ বিদ্ৰোহত নতশিৰ ! শিক্ষামন্ত্ৰীৰ পদ এৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে
- দেশ - বিদেশ

ছাত্ৰ বিদ্ৰোহত নতশিৰ ! শিক্ষামন্ত্ৰীৰ পদ এৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে

অৱশেষত ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানিলে ধৰ্মেন্দ্ৰ প্ৰধানে ৷ নিৰৱচ্ছিন্ন প্ৰতিবাদৰ অন্তত শনিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে ৷ দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টীয়ে জনাই আহিছিল শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী ৷ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ । প্ৰধানে X যোগে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । প্ৰধানে ছাত্ৰ-ছাত্ৰীৰ […]

অৱশেষত ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানিলে ধৰ্মেন্দ্ৰ প্ৰধানে ৷ নিৰৱচ্ছিন্ন প্ৰতিবাদৰ অন্তত শনিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে ৷ দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টীয়ে জনাই আহিছিল শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী ৷ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ ।

প্ৰধানে X যোগে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । প্ৰধানে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় । পত্ৰখনত উল্লেখ আছে, “…যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতিৰ দ্বাৰা যাতে জাতিবিৰোধী উপাদানসমূহ উপকৃত নহয়, জাতিটো একত্ৰিত হৈ থাকে, ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলে আইনী মেৰপাচত সোমাব লগীয়া নহয় আৰু নিজৰ পঢ়া-শুনা আৰু নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰে, তাৰ বাবে মই প্ৰধানমন্ত্ৰীক পদত্যাগ পত্ৰ আগবঢ়াইছো…।”

উল্লেখ কৰা প্ৰয়োজন যে প্ৰতিবাদৰ নেতৃত্ব দি অহা অভিজিত দীপকে নেতৃত্বাধীন সংগঠন ককৰোচ জনতা পাৰ্টিৰ দুই মুখপাত্ৰই কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে । আনকি আজি অৰ্থাৎ ২৫ জুলাইৰ দিনাও কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত বহাৰ কথা আছিল CJP প্ৰতিনিধিৰ । CJP য়ে চৰকাৰক শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত অটল বুলিও চৰকাৰক স্পষ্ট কৰি দিছিল দ্বিতীয় দিনটোৰ আলোচনাৰ অন্তত । ইয়াৰ পাচতে শনিবাৰৰ দিনটোত শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.