গ্লাছগোত 23 জুলাইৰ পৰা আৰম্ভ হৈছে কমনৱেলথ গেমছ । এই গেমছত অসম কন্যা লাভলীনা বৰগোঁহায়ে ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে । ৭৫ কেজি শাখাত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰে । ছেমি ফাইনেলত উপনীত হোৱাৰ বাবে লাভলীনাৰ ব্ৰঞ্জৰ পদক তথা পদক তালিকাত ভাৰতৰ প্ৰথমটো পদক অন্তৰ্ভুক্ত হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় সময় মতে, অহা মঙলবাৰৰ পুৱতি নিশা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব যদিও কেইবাটাও বিভাগৰ প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে ।
ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে লাভলীনাক X যোগে শুভেচ্ছা জনাইছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মন্ত্ৰীগৰাকীয়ে পোষ্টটোত লাভলীনাক শুভেচ্ছা জনাই লিখিছে, “কমনৱেল্থ গেমছৰ ৭৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে লাভলীনা বৰগোঁহাইলৈ অভিনন্দন । এইটো ভাৰতৰ বাবেও প্ৰথমটো পদক । ৩১ তাৰিখে হ’বলগীয়া আন এক প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ স্বৰ্ণ পদক লাভৰ বাবে খেলিব ।”
লাভলীনাই অহা ৩১ জুলাইত ছেমি ফাইনেলত টুভালুৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব । 23 জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা ২ আগষ্টলৈ চলিব । বিশ্বৰ ৭৪ খন দেশৰ ৩ সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত । জানিব পৰা মতে, ভাৰতৰ ১২৫ জনীয়া এথলিটৰ দলে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাখনত ।
বক্সিঙৰ ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেল মেচত বাই লাভ কৰাৰ বাবে লাভলীনা ছেমি ফাইনেলত উপনীত হয় । নিয়ম অনুসাৰে, ছেমি ফাইনেলত উপনীত হোৱা প্ৰতিগৰাকী বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰে, তেনেক্ষেত্ৰত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰাটো নিশ্চিত হৈছে ।

