• Home  
  • বানৰ বিভীষিকা অব্যাহত থকাৰ মাজতে NEEPCO ই এৰিলে তিনিখনকৈ গেট
- অসম

বানৰ বিভীষিকা অব্যাহত থকাৰ মাজতে NEEPCO ই এৰিলে তিনিখনকৈ গেট

উজনি অসমত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ । বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে নীপকোৱে অধিক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে গোলাঘাটবাসীক । জিলাখনত প্ৰৱল বানে জনজীৱন বিস্তীৰ্ণ কৰি পেলোৱাৰ সময়তে নীপকোৱে বৃহস্পতিবাৰে খুলি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ২ খন ৰেডিয়েল গেট । ইয়াৰ পাচত পৰৱৰ্তী সময়ত নীপকোৱে ৪ নং গেটখনো খুলি দিয়ে । বিয়লি প্ৰায় তিনিমান […]

উজনি অসমত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ । বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে নীপকোৱে অধিক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে গোলাঘাটবাসীক । জিলাখনত প্ৰৱল বানে জনজীৱন বিস্তীৰ্ণ কৰি পেলোৱাৰ সময়তে নীপকোৱে বৃহস্পতিবাৰে খুলি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ২ খন ৰেডিয়েল গেট । ইয়াৰ পাচত পৰৱৰ্তী সময়ত নীপকোৱে ৪ নং গেটখনো খুলি দিয়ে । বিয়লি প্ৰায় তিনিমান বজাত নীপকোৱে খুলি দিয়ে ৪ নং গেটখন ।

প্ৰশাসনৰ পৰা জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে দিনৰ ১২.২০ বজাত ২নং গেটখন খুলি দিছিল নীপকোৱে । ইয়াৰ ১০ মিনিটৰ পাছতেই ১২.৩০ বজাত ৩নং গেটখনো মুকলি কৰি দিছে নীপকোৱে । নৈপৰীয়া ৰাইজক সতর্ক হৈ থকাৰ বাবে সৰ্তকবাণী দিছে প্ৰশাসনে । ৭৫ মেগাৱাট ক্ষমতা সম্পন্ন নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ বাবে জলাধাৰৰ পানীৰ স্তৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে নীপকোৱে পানী মুকলি কৰি দিছে ৷

প্ৰকল্পটোৰ ২ খন ৰেডিয়েল গেট খুলি দিয়া বুলি জানিবলৈ দিছে নীপকোৱে । ২ নং গেট খন দুপৰীয়া ১২:২০ বজাত ৫০ চেণ্টিমিটাৰ আৰু ৩ নং গেটখন দুপৰীয়া ১২:৩০ বজাত ৫০ চেণ্টিমিটাৰ পৰ্যন্ত খোলা হয় । ইয়াৰ ফলত স্পীলৱেৰ জৰিয়তে প্ৰায় ২৯ ঘন মিটাৰ/ছেকেণ্ড হাৰত পানী এৰি দিয়া হৈছে । জলবিদ্যুৎ প্ৰকল্পটোত বাৰিষাৰ পানী বৃদ্ধিৰ ফলত এই অৱস্থাৰ সৃষ্টি হৈছে । গোলাঘাটত DIPRO আৰু SDIPRO-ৰ তত্বাৱধানত জনসাধাৰণক সতৰ্ক কৰিবলৈ প্ৰচাৰ চলাইছে । গোলাঘাটত বানে অধিক সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এই তিনিখনকৈ গেট খুলি দিয়াৰ বাবে জিলাখনত ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছে ।

ইতিমধ্যে প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ নীপকোৱে পানী এৰি দিয়াৰ ফলত নদী দুখনৰ জলপৃষ্ঠ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.