নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত শিক্ষাৰ্থীসকলে দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলক ক্ষীপ্ৰতাৰে কঠোৰ শাস্তি বিহিবলৈ কেন্দ্ৰই ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বূুলি সামাজিক মাধ্যমযোগে জনায় । ৰাজধানীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ আৰু সদনটো এই বিষয়টোৱে তোলপাৰ লগাই থকাৰ সময়তে বৃহস্পতিবাৰৰ পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ শিক্ষাৰ্থীসকললৈ এক বৃহৎ বাৰ্তা প্ৰেৰণ কৰে ।
প্ৰধানমন্ত্ৰীয়ে X যোগে কয়, "আমাৰ যুৱক-যুৱতীসকলৰ কল্যাণ আৰু ভৱিষ্যততকৈ গুৰুত্বপূৰ্ণ একোৱেই নাই । চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ গোচৰটো বিচাৰৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত লৈছে ।"
ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আমি প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলৰ দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত লৈছো । এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক সকলো প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছো ।"
প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিশ্ৰুতি প্ৰদান কৰি কয়, "এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমি ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে । আমাৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ক্ষতি কৰিবলৈ চেষ্টা কৰাসকলক ৰেহাই দিয়া নহ'ব ।"
সামাজিক মাধ্যম, ককৰোচ জনতা পাৰ্টি (CJP), বিৰোধী দলৰ প্ৰতিবাদ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী তীব্ৰ হৈ থকাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ এই ঘোষণাই বিশেষ তাপৰ্য বহণ কৰাৰ লগতে সমগ্ৰ দেশতে বিষয়টোৱে চৰ্চা লাভ কৰিছে ।
উল্লেখ্য যে, মঙলবাৰে NDA ৰ বৈঠকত প্ৰধানমন্ত্ৰীয়েও প্ৰশ্নকাকত ফাদিল বিষয়টোক 'গুৰুতৰ পাপ' বুলি অভিহিত কৰিছে । প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বিৰোধী আৰু CJP ৰ প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰো দাবী জনাই আহিছে । আনকি বিৰোধীয়ে সংসদত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত যিকোনো আলোচনাৰ বাবে শিক্ষামন্ত্ৰীৰ পদত্যাগক চৰ্ত হিচাপে আগবঢ়াইছে ।