কামৰূপৰ বাইহাটা চাৰিআলিৰ সাংবাদিক সন্থাই উদযাপন কৰিলে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । পি.এম.শ্ৰী আগডলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱসৰ । প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদ্যোক্তাসকলে দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হ’ল । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বাইহাটা চাৰিআলি সাংবাদিক সন্থাৰ বিষয়ববীয়া আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত সংবাদকৰ্মীসকলে ।
পতাকা উত্তেলনৰ পাচতে এই অনুষ্ঠানত যাদু খেলৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত গীত-মাত পৰিৱেশন কৰা হয় ।
সাংবাদিক সন্থাৰ সভাপতি মানৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক ডঃ দীনমনি ভাগৱতী, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নৃপেন্দ্ৰ নাথ তালুকদাৰ, জ্ঞানমালিনী শতদল সাহিত্য সভাৰ সভাপতি দিলীপ হুজুৰী আৰু বাইহাটা চাৰিআলি অঞ্চলৰ গণ্য-মান্য ব্যক্তিসকল ।
অনুষ্ঠানৰ শেষত বাইহাটা চাৰিআলি সাংবাদিক সংস্থাৰ সম্পাদক জিয়াউল হকে সংবাদ মাধ্যমৰ আগত অনুষ্ঠানটো সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰে ।

