• Home  
  • ছিকিমত সুৰংগ দুৰ্ঘটনাত মৃত্যু অসমৰ শ্ৰমিকৰ ; বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান
- দেশ - বিদেশ

ছিকিমত সুৰংগ দুৰ্ঘটনাত মৃত্যু অসমৰ শ্ৰমিকৰ ; বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

ছিকিমত শোকাৱহ ঘটনা । ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰৰ পুৱতি নিশা খহি পৰাৰ ফলত কেবাজনো শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷ এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷ NHPC ৰ তীষ্টা ষ্টেজ-VI সুৰংগ দুৰ্যোগৰ পৰা উদ্ধাৰকাৰী দলে ১০টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে প্ৰায় ২৭ জন শ্ৰমিক আৱদ্ধ হৈ […]

ছিকিমত শোকাৱহ ঘটনা । ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰৰ পুৱতি নিশা খহি পৰাৰ ফলত কেবাজনো শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷ এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷ NHPC ৰ তীষ্টা ষ্টেজ-VI সুৰংগ দুৰ্যোগৰ পৰা উদ্ধাৰকাৰী দলে ১০টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে প্ৰায় ২৭ জন শ্ৰমিক আৱদ্ধ হৈ পৰাৰ সন্দেহ কৰা হৈছে বুলি ২১ জুলাইৰ দিনা নামচিৰ আৰক্ষী অধীক্ষক সোণম ডলমাই জনায় । দুৰ্ঘটনাস্থলীৰ পৰা সংবাদ মাধ্যমক সম্বোধন কৰি ডলমাই কয় যে আৱদ্ধ শ্ৰমিকৰ সংখ্যা বৰ্তমানেও নিশ্চিতকৈ জানিব পৰা হোৱা নাই । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে । 

আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "প্ৰায় ২৭ জন লোক এই সংৰংগটোত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । এই সংখ্যাৰ সাসল-সলনি হ'ব পাৰে । ২৭ জন শ্ৰমিক আবদ্ধ হৈ থকাৰ বিপৰীতে আমি এতিয়ালৈকে ১০ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো ।"

ডলমাই লগতে কয় যে উদ্ধাৰ হোৱা মৃতদেহ তিনিটাৰ চিনাক্তকৰণৰ বাবে এতিয়াও কৰ্তৃপক্ষই চেষ্টা চলাই আছে ।

ডলমাই পুনৰ কয়, "বৰ্তমান আমি ইয়াৰে তিনিজনক চিনাক্ত কৰিব পৰা নাই । এই চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে । ইতিমধ্যে চিনাক্ত হোৱা সকলৰ আত্মীয় বা পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছো যাতে আমি মৃতদেহবোৰ গতাই দিব পাৰো ।"

আৰক্ষী অধীক্ষকৰ মতে, এই পৰ্যন্ত চিনাক্ত হোৱা নিহতসকলৰ ভিতৰত আছে পশ্চিম বংগৰ তিনিজন, উত্তৰাখণ্ডৰ এজন, অসমৰ এজন আৰু ছিকিমৰ এজন ।

বৰ্তমানেও নিশ্চিত হোৱা নাই দুৰ্ঘটনাৰ কাৰণ

এই শোকাৱহ দুৰ্ঘটনাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই বুলি জনায় অধীক্ষকগৰাকীয়ে ।

এই সন্দৰ্ভত অধীক্ষকগৰাকীয়ে কয়, "মই এতিয়াই কাৰণটো ক'ব নোৱাৰো কাৰণ সেয়া জনাৰ বাবে অধিক তদন্তৰ প্ৰয়োজন আৰু আমি বিশেষজ্ঞৰ মতামতও বিচৰাৰ প্ৰয়োজন । আমি পিছত সেইবোৰ সন্দৰ্ভত অভিযান চলাম, কিন্তু আমি বৰ্তমান উদ্ধাৰ অভিযান যিমান পাৰি সিমানম ক্ষীপ্ৰতৰ কৰাৰ বাবে আগ্ৰহী ।"

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছ এছ ডি এম এ), অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, ৰাজ্যিক আৰক্ষী আৰু জিলা প্ৰশাসনকে ধৰি একাধিক সংস্থাই যৌথভাৱে চলাইছে এই উদ্ধাৰ অভিযান ।

ডলমাই কয় যে, "সকলো ৰাজ্যিক সংস্থা, এনডিআৰএফ ইউনিট, আৰু অতিৰিক্ত এছপিৰ দল ইয়াত গ্ৰাউণ্ড জিৰ'ত আছে। অগ্নিনিৰ্বাপক সেৱা আৰু এছএছডিএমএৰ কৰ্মীসকল সকলোৱে উদ্ধাৰ অভিযানত জড়িত ।"

ৰাতিটোৰ ভিতৰতে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সুৰংগটোৰ ভিতৰত পানী জমা হোৱাৰ ফলত উদ্ধাৰ অভিযানটো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি কয় অধীক্ষকগৰাকীয়ে ।


নিৰ্মাণাধীন NHPC টিষ্টা ষ্টেজ-VI জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগটোৰ ভিতৰত মিথেন গেছ বিস্ফোৰণ হোৱাৰ খবৰ পোৱাৰ পিছতে এই কাণ্ড সংঘটিত হয়, যাৰ ফলত মাটিৰ তলত শ্ৰমিক আবদ্ধ হৈ পৰে ।

ছিকিম চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰাৰ বিপৰীতে উদ্ধাৰকাৰী দলে এতিয়াও আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিয়াবলৈ আৰু উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.