• Home  
  • NRC ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ শীৰ্ষ আদালতৰ নিৰ্দেশ
- দেশ - বিদেশ

NRC ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ শীৰ্ষ আদালতৰ নিৰ্দেশ

নাগৰিকপঞ্জী অৰ্থাৎ NRC-ৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ আবেদন প্ৰক্ৰিয়াক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ ।অসম ৰাজ্যিক জমিয়ত উলেমা -এ দাখিল কৰা এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰঅসম চৰকাৰ আৰু ৰাজ্যৰ চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে । অসমত প্রকাশিত চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (NRC) ৰ পৰা বাদ পৰাসকলৰ বাবে আবেদন প্রক্রিয়া […]

নাগৰিকপঞ্জী অৰ্থাৎ NRC-ৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ আবেদন প্ৰক্ৰিয়াক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ ।
অসম ৰাজ্যিক জমিয়ত উলেমা -এ দাখিল কৰা এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ
অসম চৰকাৰ আৰু ৰাজ্যৰ চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে ।

অসমত প্রকাশিত চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (NRC) ৰ পৰা বাদ পৰাসকলৰ বাবে আবেদন প্রক্রিয়া আৰম্ভ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিবলৈ কৰা আবেদন সন্দর্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্র আৰু অন্যান্য পক্ষৰ পৰা প্রতিক্রিয়া বিচাৰিছে ৷ অসম ৰাজ্যিক জমিয়ত উলামাই দাখিল কৰা আবেদনখন মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচী আৰু বিপুল এম পাঞ্চলিৰ বিচাৰপীঠত শুনানি হয় । ইয়াৰ দ্বাৰা মানুহ সমস্যাৰ সন্মুখীন হৈছে বুলি আবেদনকাৰীৰ অধিবক্তাই যুক্তি আগবঢ়ায় ।

যিসকলক চূড়ান্ত NRC ৰ পৰা বাদ দিয়া হৈছে তেওঁলোকৰ বাবে আবেদনৰ ব্যৱস্থা আছে যদিও একো হোৱা নাই বুলি উল্লেখ কৰি অধিবক্তাগৰাকীয়ে লগতে কয় যে একেধৰণৰ বিষয় উত্থাপন কৰা এখন পৃথক আবেদনো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ আছে ।

উল্লেখ্য যে, অসম চৰকাৰ আৰু ৰাজ্যিক সমন্বয়ক কার্যালয়কে ধৰি কেন্দ্রৰ লগতে অন্যান্যসকলৰ পৰা এই সন্দৰ্ভত শীর্ষ ন্যায়ালয়ে উত্তৰ বিচাৰিছে ৷ অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বৈধতা প্ৰদান কৰা শেহতীয়া চূড়ান্ত নাগৰিকপঞ্জী ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ কৰা হৈছিল । ইয়াৰ লগে লগে বন্ধ হৈ পৰিছিল ১৯ লাখৰো অধিক আবেদনকাৰীৰ নাগৰিকত্ব দাবীৰ ব্যৱস্থা ।

মুঠ ৩,৩০,২৭,৬৬১ (প্ৰায় ৩.৩ কোটি) লোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’বলৈ আবেদন জনাইছিল । ইয়াৰে ৩,১১,২১,০০৪ (প্ৰায় ৩.১ কোটি) এনআৰচিত ​​অন্তৰ্ভুক্ত কৰা হৈছে আৰু ১৯,০৬,৬৫৭ (প্ৰায় ১৯.০৬ লাখ) লোকক বাদ দিয়া হৈছে বুলি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে ।

অসম ৰাজ্যিক জমিয়ত উলামাই নিজৰ আবেদনত অসমত প্ৰকাশিত চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা সকলো ব্যক্তিক ২০০৩ চনৰ নিয়মাৱলীৰ ১৩নং নিয়মত উল্লিখিত নাগৰিকত্ব আইন, ১৯৫৫ৰ ১৪এ ধাৰাত ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ ততালিকে প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়াটো বিচাৰিছে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.