ৰাজ্যৰ বিভিন্ন চহৰ তথা পৌৰ নিগম আৰু পৌৰসভা এলেকাত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বান আৰু জলমগ্ন সমস্যাৰ বুজ ল’বলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ সকলো জিলা কংগ্ৰেছ কমিটীক নিজ নিজ এলেকাৰ বান ক্ষতিগ্ৰস্ত চহৰসমূহ ভ্ৰমণ কৰি চৰজমিন তদন্ত চলোৱাৰ বাবে এক নিৰ্দেশনা জাৰি কৰা হৈছে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱা স্বাক্ষৰিত এই পত্ৰযোগে জিলা কংগ্ৰেছৰ সভাপতিসকললৈ এই জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হয় ।
এই নিৰ্দেশ অনুসৰি, জিলা কংগ্ৰেছ কমিটীসমূহৰ নেতৃত্বত ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এনএছইউআই, সেৱাদলৰ লগতে দলৰ বিভিন্ন বিভাগ আৰু কোষৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সন্মিলিতভাৱে এই জৰীপ চলাব লাগিব । দলীয় সদস্যসকলে প্ৰতিটো পৌৰসভা আৰু নিগমৰ প্ৰতিখন ৱাৰ্ডলৈ গৈ স্থানীয় জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী তথা দোকানী, দৌল-দেৱালয় আৰু নামঘৰ পৰিচালনা সমিতিৰ লগতে ভুক্তভোগী ৰাইজৰ সৈতে বাৰ্তালাপত মিলিত হ’ব । এই বাৰ্তালাপৰ জৰিয়তে জলমগ্ন সমস্যাৰ মূল কাৰণ, ৰাইজৰ দৈনন্দিন জীৱনত ইয়াৰ কু-প্ৰভাৱ আৰু স্বাস্থ্যজনিত সমস্যাসমূহৰ বিষয়ে বিস্তৃত তথ্য সংগ্ৰহ কৰা হ’ব ।
ইফালে কেৱল সমস্যাৰ তথ্য সংগ্ৰহ কৰাতে সীমাৱদ্ধ নাথাকি, বানাক্ৰান্ত আৰু জলমগ্ন এলেকাৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ মাজত প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিবলৈও জিলা কংগ্ৰেছৰ সভাপতিসকলক দায়িত্ব অৰ্পণ কৰা হৈছে । এই সমগ্ৰ ভ্ৰমণ আৰু সাহায্য অভিযানৰ অন্তত আলোকচিত্ৰসহ এক সবিশেষ প্ৰতিবেদন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ শীঘ্ৰেই প্ৰেৰণ কৰিবলৈকো নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে । ইফালে, উজনি অসমত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰালৈ লক্ষ্য ৰাখি ২১ জুলাই, মঙলবাৰে দিল্লীৰ পৰা আহি পোনে পোনে যোৰহাটত উপস্থিত হ’ব সাংসদ গৌৰৱ গগৈয়ে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ কাৰ্যসূচীৰ মাজতে বিৰোধী দলৰ উপ-দলপতিজনে যোৰহাটত উপস্থিত হৈ ২১ আৰু ২২ জুলাইত যোৰহাট, শিৱসাগৰ জিলাৰ বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’ব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগে জনাইছে ।

