• Home  
  • সৰ্প দিৱসৰ দিনটোত সকলোকে সজাগ হ’বলৈ আহ্বান মন্ত্ৰী অশোক সিংহলৰ
- অসম

সৰ্প দিৱসৰ দিনটোত সকলোকে সজাগ হ’বলৈ আহ্বান মন্ত্ৰী অশোক সিংহলৰ

আজি ১৬ জুলাইৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় সৰ্প দিৱস হিচাপে ৷ সাপ সম্পৰ্কীয় প্ৰয়োজনীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱসটো পৃথিৱী জুৰি পালন কৰা হৈ আহিছে  ৷ উল্লেখ কৰা প্ৰয়োজন যে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ একবিংশ শতিকাতো সাপ সন্দৰ্ভত বহু ভুল ধাৰণা আমাৰ সমাজত আছে ৷ সাপ অপকাৰী তথা ই খুঁতিব বুলি বহুলোকেই সাপ দেখা মাত্ৰেই […]

আজি ১৬ জুলাইৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় সৰ্প দিৱস হিচাপে ৷ সাপ সম্পৰ্কীয় প্ৰয়োজনীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱসটো পৃথিৱী জুৰি পালন কৰা হৈ আহিছে  ৷

উল্লেখ কৰা প্ৰয়োজন যে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ একবিংশ শতিকাতো সাপ সন্দৰ্ভত বহু ভুল ধাৰণা আমাৰ সমাজত আছে ৷ সাপ অপকাৰী তথা ই খুঁতিব বুলি বহুলোকেই সাপ দেখা মাত্ৰেই আক্ৰমণৰ চেষ্টা চলায় তথা মাৰি পেলাবলৈকো উদ্যত হয়  ৷ কিন্তু আমি ভবাৰ দৰেই সকলো কথা নহয় । সকলো সাপে বিষধৰ নহয় আৰু অপ্ৰয়োজনত সাপে কাকোৱেই আক্ৰমণ নকৰে  ৷ উল্লেখ কৰা প্ৰয়োজন যে,  মোচোৱা গোম, বাকৰাজ আদি সাপক ‘কৃষক বন্ধু’ বুলিও কোৱা হয়  ৷ ইয়াৰ লগতে, সাপে শস্য অনিষ্টকাৰী বিভিন্ন জীৱ ভক্ষণ কৰি কৃষকৰ কৃষি কাৰ্যত পৰোক্ষভাৱে সহায় কৰে ৷

সৰ্প দিৱস দিনটোৰ সৈতে সংগতি ৰাখি  স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে নিজৰ x হেণ্ডেলত সাপ সম্বন্ধীয় নানানটা তথ্য সদৰী কৰাৰ লগতে সাপৰ পৰা বাচিবলৈ কি কৰা উচিত সেই সন্দৰ্ভতো চিত্ৰৰ জৰিয়তে পৰামৰ্শ আগবঢ়াইছে  ৷

পোষ্টটোত মন্ত্ৰী সিংহলে লিখিছে, ‘‘প্ৰতিবছৰে অসমত কমেও ৩৫০০ সাপে খোঁটাৰ ঘটনা ঘটে । বিগত সময়ছোৱাত সাপে খোঁটাৰ ফলত মৃত্যু হোৱা ঘটনাৰ সংখ্যা হ্ৰাস পাইছে । সতৰ্কতাৰ লগতে উচিত সময়ত চিকিৎসা প্ৰদানেই হ’ল এই সমস্যাৰ পৰা নিজক বচোৱাৰ উপায় ।” আজিৰ বিশ্ব সৰ্প দিৱসত ভয়ৰ সলনি সজাগতা আৰু অন্ধবিশ্বাসৰ সলনি বিজ্ঞানক আদৰি ল’বলৈ সকলোকে আহ্বান জনোৱাৰ লগতে আটাইকে সাৱধানে থাকি সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে ঘৰৰ চৌপাশ পৰিস্কাৰ-পৰিচন্ন কৰি ৰখাৰ লগতে ৰাতি বাহিৰলৈ ওলোৱাৰ সময়ত টৰ্চ লাইটৰ ব্যৱহাৰ, সাপক আমনি নকৰাৰ লগতে সাপে খুঁটিলে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনায় ৷

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.