নতুন দিল্লীস্থিত প্ৰগতি মৈদানৰ ভাৰত মণ্ডপমত আৰম্ভ হৈছে ভাৰত টেক্স ২০২৬ । এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচী আৰু প্ৰদৰ্শনী আদি প্ৰদৰ্শিত কৰা হয় । 14 জুলাইৰ পৰা 17 জুলাই পৰ্যন্ত অনুষ্ঠিত হ’ব এই অনুষ্ঠানৰ ।
এই বৃহৎ আয়োজনত ১১০ ৰো অধিক দেশৰ ৭,০০০ ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু প্ৰায় ১.৩ লাখ ব্যৱসায়িক দৰ্শনাথীৰ অংশগ্ৰহণেৰ সমগ্ৰ বস্ত্ৰ মূল্য শৃংখল এখন মঞ্চত একত্ৰিত হৈছে । অনুষ্ঠানৰ দ্বিতীয় দিনা বৈদশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বজাৰ প্ৰৱেশাধিকাৰ, মুক্ত বাণিজ্য চুক্তি, বহনক্ষমতা আৰু বিশ্বব্যাপী বস্ত্ৰ সহযোগিতাক কেন্দ্ৰ কৰি একাধিক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় আৰু উদ্যোগভিত্তিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । দিনটোৰ আৰম্ভণিতে মাৰ্ঘেৰিটাই “ইণ্ডিয়াজ এফ ঢি এ মোমেণ্ট: গেটৱে ফৰ টেক্সটাইল ভেল্যু চেইনছ, মাৰ্কেট এক্সেছ এণ্ড ছ’চিং ডিচিজনছ” শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত অধ্যক্ষতা কৰে ।
এই আলোচনাচক্ৰত নীতি নিৰ্ধাৰক, উদ্যেগপতি, ৰপ্তানিকাৰী আৰু বিশ্বব্যাপী অংশীদাৰসকলে ভাৰতৰ দ্ৰুত বিস্তৃত মুক্ত বাণিজ্য চুক্তিৰ ফলত সৃষ্টি হোৱা নতুন সম্ভাৱনাসমূহৰ ওপৰত আলোচনা কৰে । সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে বস্ত্ৰ ৰপ্তানিৰ বাবে নতুন দিগন্ত মুকলি কৰিছে । ইয়াৰ ফলত ভাৰতৰ গোলকীয় মূল্য শৃংখলাৰ সৈতে সংযোগ অধিক শক্তিশালী হোৱাৰ লগতে ভাৰত বিশ্বৰ এক বিশ্বাসযোগ্য আৰু পছন্দৰ বস্ত্ৰ সংগ্ৰহস্থলী হিচাপ প্ৰতিষ্ঠা লাভ কৰিছে । ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে “ইণ্ডিয়া-ইউ কে এফ টি এ ইন একচন: শ্বেপিং দ্য ফউচাৰ অৱ টক্সটাইল ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট” শীৰ্ষক আন এখন গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত অধ্যক্ষতা কৰে । এই আলোচনা চক্ৰত ভাৰত-যুক্তৰাজ্য মুক্ত বাণিজ্য চু্ক্তিৰ জৰিয়তে বস্ত্ৰ বাণিজ্য বৃদ্ধি, বিনিয়োগ আকৰ্ষণ, যোগান শৃংখল অধিক শক্তিশালী কৰা আৰু ভাৰতৰ বস্ত্ৰ উদ্যোগৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা হয় ।
ভাৰত টেক্স ২০২৬-ত থকা ‘গ’ল্ডেন থ্ৰেডছ অফ আছাম’ আৰু ‘আইমিজ’ (AIMYZ)ৰ বিপণিবোৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সৈতে পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ X ত মাৰ্ঘেৰিটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সৈতে #BharatTex2026-ত থকা ‘গ’ল্ডেন থ্ৰেডচ অফ আছাম’ (Golden Threads of Assam) আৰু ‘আইমিজ’ (AIMYZ)ৰ বিপণিসমূহ পৰিদৰ্শন কৰিবলৈ পাই মই অত্যন্ত গৌৰৱান্বিত । ইয়াত অসমৰ বিশ্ববিখ্যাত মুগা পাটৰ চিৰযুগমীয়া ঐতিহ্য সুন্দৰভাৱে প্ৰদৰ্শন কৰা হৈছে । সূক্ষ্ম কাৰুকাৰ্য, আকৰ্ষণীয় আৰ্হি আৰু মুগাৰ অতুলনীয় প্ৰাকৃতিক সোণালী আভাই অসমৰ শিপিনীসকলৰ দক্ষতা আৰু আমাৰ বস্ত্ৰ শিল্পৰ চহকী ঐতিহ্যক অতি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে । অতুলনীয় প্ৰাকৃতিক জিলিকণি আৰু অসাধাৰণ স্থায়িত্বৰ বাবে মুগা ৰেচম সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ উৎকৃষ্ট আৰু দুৰ্লভ বস্ত্ৰসমূহৰ অন্যতম ।”
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘চিটি টেক্সটাইল ছাছষ্টেনিবিলিঢী এৱাৰ্ডছ ২০২৬’ অনুষ্ঠানতো অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত বস্ত্ৰ উদ্যােগত বহনক্ষম উৎপাদন আৰু দায়িত্বশীল উৎপাদন পদ্ধতি অনুসৰণ কৰা প্ৰতিষ্ঠানসমূহক সন্মান জনোৱা হয় ।

