ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । আজি ৰাজ্যখনৰ বিভিন্ন স্থানত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য দাহ কৰে । দেওবাৰে ৰাজ্যৰ বিভিন্ন জিলাত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয় । এই নিচাজাতীয় সামগ্ৰী দাহ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশ লয় ৷
নলবাৰীৰ দৌলাশালত মুখ্যমন্ত্ৰীয়ে এই ড্ৰাগছ দাহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লোৱাৰ লগতে নিজেই ৰোলাৰ চলাই বৃহৎ পৰিমাণৰ কফ চিৰাপ নষ্ট কৰে ৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে ৷ উল্লেখ্য যে, ড্ৰাগছসমূহ পুনৰ অবৈধ বজাৰত উপলব্ধ হোৱাটো ৰোধ কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে অসম আৰক্ষীৰ নেতৃত্বত ধ্বংস কৰা হয় ।
বিশ্বনাথত ড্ৰাগছ বিৰোধী অভিযান
বিশ্বনাথ আৰক্ষীৰ উদ্যোগত আজি ইতিমধ্যে জব্দকৃত নিচাযুক্ত দ্ৰব্য দাহ কৰা হয় । বিশ্বনাথৰ পানীভঁৰালস্থিত পুলিচ ৰিজাৰ্ভত এই অভিযান চলোৱা হয় ।
এই অভিযানত উপস্থিত থাকে কাৰ্যবাহী দণ্ডাধীশ,বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ দলৰ লগতে সংবাদ মাধ্যমৰ লোক । আৰক্ষীয়ে জনোৱা অনুসৰি আনুমানিক ১৬৪ কেজি গাঞ্জা,১৯ গ্ৰাম ড্ৰাগছ জাতীয় দ্ৰব্যৰ লগতে প্ৰায় ৮৫ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আজি দাহ কৰা হয় ।
মাজুলীতো সম্পন্ন দাহ কাৰ্য
মাজুলীত আৰক্ষী উদ্যেগতো আজি সম্পন্ন হয় ড্ৰাগছ বিৰোধী অভিযান । জিলা আৰক্ষীয়ে আজি প্ৰায় ৫৫ লাখ টকাৰ জব্দকৃত গাঞ্জা জ্বলাই দিয়ে । কমলাবাৰী অঞ্চলৰ এটা ইটা ভাটাত আনুষ্ঠানিকভাৱে এই সকলোবোৰ গাঞ্জা জ্বলাই দিয়ে আৰক্ষীয়ে ।
এই কাৰ্যসূচীৰ সময়ত উক্ত স্থানত উপস্থিত থাকে মাজুলী জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ।
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ মাৰ্চ মাহত মাজুলীৰ পেৰাভাৰীৰ অনিল বৰাৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । পেৰাভাৰী আৰু দক্ষিণপাট কুমাৰ গাঁৱত চলোৱা এই অভিযানত প্ৰায় ১ কুইণ্টল ১১ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল মাজুলী আৰক্ষী ।
অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা নগদ ৪ লাখ টকা, দুখনকৈ বিলাসী বাহন জব্দ কৰাৰ লগতে ৬ জন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছিল ।
দৰঙতো সদৃশ অভিযান
দৰং জিলাৰ বিভিন্ন আৰক্ষী থানাত জব্দকৃত প্ৰায় ১৮৩ কিলোগ্ৰাম গাঞ্জা আজি জিলা প্ৰশাসন আৰু আৰক্ষীৰ তত্ত্বাৱধানত জ্বলাই পেলোৱা হয় । দলগাঁৱৰ পশ্চিম পদোঘাট ইটাভাটাত অনুষ্ঠিত এই নিষ্কাশন কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰক্ত আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসনৰ আন কেইবগৰাকীও বিষয়া ।
দৰং আৰক্ষায়ে জানিবলৈ দিয়া অনুসৰি ধ্বংস কৰা এই বিপুল পৰিমাণৰ গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৯১ লাখ টকা । জিলা প্ৰশাসনৰ উপস্থিতিত আইনগত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি জব্দকৃত গাঞ্জাখিনি নিষ্কাশন কৰা হয় ।
এই কাৰ্যসূচীত উপস্থিত থাকি ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাজদ মাধ্যমৰ আগত কয়, ”মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আগলৈও অব্যাহত থাকিব । সমাজৰ পৰা ড্ৰাগছৰ প্ৰভাৱ দূৰ কৰিবলৈ আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ ।”
আজিকৰ এই দাহন কাৰ্যসূচীত মুঠ ১৮৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা ধ্বংস কৰে দৰং আৰক্ষীয়ে ।

