• Home  
  • বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰিলে ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট
- অসম

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰিলে ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট

ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 10 জুলাইৰ দিনা সদনত দাখিল কৰা হয় ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷ সাধাৰণতে এপ্ৰিল মাহত বাজেট দাখিল কৰা হয় […]

ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 10 জুলাইৰ দিনা সদনত দাখিল কৰা হয় ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷

সাধাৰণতে এপ্ৰিল মাহত বাজেট দাখিল কৰা হয় যদিও এইবাৰ নিৰ্বাচন তথা নতুনকৈ চৰকাৰ গঠনৰ পৰিপ্ৰেক্ষিতত জুলাই মাহতহে পূৰ্ণাংগ বাজেট দাখিল কৰা হয় ৷ দিনৰ ১১.১০ বজাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে 2026-27 বৰ্ষৰ বাজেটখন ৷ ঔম গণেশায়ে নমঃ’ উচ্চাৰণেৰে বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰিলে ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট । এই বাজেটখনত শিক্ষা-স্বাস্থ্যকে ধৰি আন বিভিন্ন উন্নয়নশীল বিষয় সন্দৰ্ভত চৰকাৰী পদক্ষেপ অথবা চৰকাৰখনে লবলগীয়া ব্যৱস্থা আদিৰ বিষয়ে উল্লেখ কৰা হৈছে ।

আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷ পূৰ্বে প্ৰায় 20 লাখ মহিলাক অৰুণোদয় আঁচনিৰ অধীনত সাঙোৰা হৈছিল যদিও এইবাৰ এই সংখ্যা বৃদ্ধি হৈ 40 লাখ হৈছে বুলি আজডিৰ বাজেটযোগে জনায় মন্ত্ৰী বৰুৱাই ৷ ‘অৰুণোদয় প্লাছ’ আঁচনিৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু বিধৱা পেঞ্চন আঁচনি প্ৰদান প্ৰক্ৰিয়া সক্ৰিয় কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত হোৱা আৰু বহু বিবাহ কৰা লোক হিতাধিকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হব বুলি স্পষ্ট কৰি দিয়ে ।

হিমন্ত বিশ্ব চৰকাৰে বিগত কাৰ্যকালত এক লাখ নিয়োগৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল । সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লগতে অতিৰিক্তভাৱে 64 হাজাৰ অৰ্থা যোৱা পাঁচ বছৰত চৰকাৰে ১.৬৪ লাখ নিযুক্তি প্ৰদান কৰিছে । এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চৰকাৰে আগন্তুক সময়ত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত ২ লাখ অতিৰিক্ত নিযুক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ ভিতৰত আছে চৰকাৰী বিভাগৰ লগতে বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ’চাইটি আদি ৷

ইফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডধাৰী ব্যৱহাৰকাৰীসকলে আগষ্ট মাহৰ পৰা লাভ কৰিব ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি ৷ পৰৱৰ্তী সময়ত মিঠাতেল প্ৰদানৰো পদক্ষেপ চৰকাৰে লব বুলি আজি বাজেটযোগে জনায় । বিত্তমন্ত্ৰীগৰাকীয়ে স্থানীয়ভাৱে উৎপাদিত সৰিয়হৰ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ লক্ষ্য লৈছে ৷

শিক্ষা সমাপ্ত হোৱাৰ পাচত কৰ্মসংস্থাপন লাভ নকৰা পৰ্যন্ত স্নাতক ডিগ্ৰীধাৰীক জীৱন প্ৰেৰণা আঁচনিখনৰ অধীনত মাহে ২৫০০ টকাকৈ অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব চৰকাৰে । পূৰ্বে ৪৮,৩৬৬ গৰাকী স্নাতক ডিগ্ৰীধাৰীয়ে এই সুবিধা লাভ কৰিছিল ।

ইফালে ড বাণীকান্ত কাকতি বঁটা প্ৰদানৰ ক্ষেত্ৰতো এক বৃহ ঘোষণা কৰিছে চৰকাৰখনে ৷ 18000 শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত চলিত বৰ্ষত স্কুটী লাভ কৰিব ৷ কিন্তু অহা বৰ্ষৰ পৰা স্কুটী লাভ নকতৰে শিক্ষাৰ্থীসকলে ৷ সেই ধন নিযুত মইনা আৰু নিযুত বাবু আঁচনিত ব্যয় কৰাৰ লক্ষ্য লৈছে চৰকাৰখনে ৷

মিছন বসুন্ধৰাৰ তিনিটা পৰ্যায়ত ৪.৫৩ লাখ বিঘা ভূমিৰ ওপৰত ৩.৫৬ লাখ পৰিয়ালক মালিকীস্বত্ব প্ৰদান কৰা হৈছে । মিছন বসুন্ধৰা ৪ ৰ জৰিয়তে বৰাক উপত্যকা, মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব । কমেও তিনিটা প্ৰজন্মই অসমত বাস কৰা পৰিয়ালৰ সদস্যকহে ভূমি আৱণ্টনৰ ব্যৱস্থা কৰা হ’ব ।

অসম চৰকাৰে গুৱাহাটীত ৰিং ৰোডৰ কাষেৰে মেট’ ৰে’ল লাইন স্থাপনৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছে ৷ ইয়াৰ উদ্দেশ্য ৰিং ৰোডৰ চাৰিওকাষৰ যান-জঁট হ্ৰাস কৰি নগৰীয়া বিকাশক ত্বৰান্বিত কৰা ৷

উল্লেখ্য যে শুকুৰবাৰে বাজেট দাখিলৰ পাছতেই বিধানসভাৰ কাম-কাজ স্থগিত ৰখা হয় ৷ আগন্তুক সময়ত বিধানসভাত বাজেট সম্পৰ্কে আলোচনা কৰা হ’ব ৷ বিৰোধীয়ে এই বাজেটক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয় ৷

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.