গুৱাহাটী, ৩১ মে’ : অসম বিধানসভা সচিবালয়ত যোৱা পাঁচ বছৰত বৃহৎ পৰিসৰৰ দুৰ্নীতি, ৰাজহুৱা ধনৰ অপচয়, অনিয়মীয়া নিযুক্তি, চুক্তি প্ৰদানত পক্ষপাতিত্ব আৰু বিভিন্ন প্ৰকল্পত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনাইছে অসম পাব্লিক ৱৰ্কছ (এপিডব্লিউ)-এ।
সংগঠনটোৰ সভাপতি আভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি এক সংবাদমেলযোগে কয় যে ২০২৪ চনৰ ১৬ আগষ্টতেই তেওঁলোকে সংবাদমেলৰ জৰিয়তে বিধানসভা সচিবালয়ৰ ভিতৰত চলি থকা বুলি অভিযোগ কৰা বিভিন্ন দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰিছিল। সেই সময়ত তদানীন্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো বিষয়টো অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলি সংগঠনটোৱে অভিযোগ কৰে।
এপিডব্লিউয়ে দাবী কৰে যে যোৱা পাঁচ বছৰত বিধানসভা সচিবালয়ত এক বিশেষ গোটে সমগ্ৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিছিল। সংগঠনটোৰ অভিযোগ অনুসৰি প্ৰাক্তন সচিব দুলাল পেগু, বিশেষ কৰ্তব্যৰত বিষয়া সৌমেন বৰুৱা আৰু অন্তিমা দেওৰা চেৰাউগীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল এক শক্তিশালী ‘নেক্সাছ’।
এই গোটটোৱে বিভিন্ন নিৰ্মাণ, তথ্য-প্ৰযুক্তি, অডিঅ’-ভিডিঅ’ ব্যৱস্থা, সঁজুলি ক্ৰয়, মেইনটেনেন্স আৰু নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন অপচয় আৰু আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
এপিডব্লিউয়ে প্ৰথমেই সৌমেন বৰুৱাক বিশেষ কৰ্তব্যৰত বিষয়া (OSD) হিচাপে নিযুক্তি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সংগঠনটোৰ মতে, বিধানসভাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত এই নিযুক্তিৰ পদ্ধতি আৰু যোগ্যতাৰ বিষয়ত স্বচ্ছতা নাছিল। ইয়াৰ পিছতে অন্তিমা দেওৰা চেৰাঙীৰ বিধানসভাত ভূমিকা বৃদ্ধি পোৱাৰ বিষয়টোও স্মাৰকপত্ৰত উত্থাপন কৰা হৈছে।
এপিডব্লিউৰ অভিযোগ অনুসৰি নতুন বিধানসভা ভৱনৰ বিভিন্ন অংশ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পিছতো পুনৰ অধ্যক্ষৰ কাৰ্যালয়, অধিৱেশন কক্ষ আৰু কনফাৰেন্স হলৰ স্থান সলনি কৰা হৈছিল। সংগঠনটোৰ দাবী, এই সিদ্ধান্তসমূহৰ ফলত অতিৰিক্ত নিৰ্মাণ ব্যয়ৰ সৃষ্টি হয় আৰু ৰাজহুৱা ধনৰ অপচয় ঘটে। ইয়াৰ আঁৰত কমিচনভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল নেকি, সেই বিষয়ত তদন্তৰ দাবী জনাইছে এপিডব্লিউয়ে ।
সংগঠনটোৱে কয় যে বিধানসভাৰ অধিৱেশন কক্ষত প্ৰথমে উচ্চমানৰ টেলিভিক কোম্পানীৰ ৪০টা মাইক্ৰ’ফোন স্থাপন কৰা হৈছিল। কিন্তু পিছত সেইসমূহ আঁতৰাই ন’ভ কম্পিউটিং নামৰ সংস্থাৰ জৰিয়তে ১২৬টা BOSCH কোম্পানীৰ মাইক্ৰ’ফোন স্থাপন কৰা হয়। এপিডব্লিউৰ মতে, এই সিদ্ধান্তৰ আঁৰত কমিচনৰ উদ্দেশ্য আছিল নেকি সেয়া তদন্তৰ বিষয়। সংগঠনটোৱে লগতে ন’ভ কম্পিউটিং সংস্থাৰ মালিকানা আৰু ইয়াৰ সৈতে জড়িত সম্ভাব্য স্বাৰ্থৰ সংঘাতৰ বিষয়েও তদন্তৰ দাবী জনাইছে।
এপিডব্লিউৰ অভিযোগ অনুসৰি J.D. Creation নামৰ সংস্থাই কেন্দ্ৰীয় হলৰ ইণ্টেৰিয়ৰ আৰু আনুষংগিক কাম সম্পন্ন কৰিছিল । সংগঠনটোৰ দাবী, প্ৰায় ১৭ কোটি টকাৰ কাম সম্পন্ন হোৱাৰ পিছতো সংস্থাটোক বিল পৰিশোধ কৰা নহ’ল। ইয়াৰ বিপৰীতে বিল মুকলিৰ বাবে ধন দাবী কৰা হৈছিল বুলিও অভিযোগ উত্থাপন কৰা হৈছে। এই অভিযোগসমূহৰ সত্যতা নিৰপেক্ষ তদন্তৰ জৰিয়তে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে।
এপিডব্লিউয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় হলৰ অডিঅ’ ব্যৱস্থাৰ মূল প্ৰাককলন আছিল প্ৰায় ২ কোটি টকা। কিন্তু পৰৱৰ্তী সময়ত ব্যয় বৃদ্ধি পাই ৬ কোটি টকালৈ উন্নীত হয়। সংগঠনটোৰ মতে, এই ব্যয় বৃদ্ধিৰ প্ৰকৃত কাৰণ, টেণ্ডাৰ প্ৰক্ৰিয়া আৰু চুক্তি প্ৰদানৰ সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ অনা উচিত।
বিধায়কসকলৰ বাবে ক্ৰয় কৰা লেপটপসমূহৰ মূল্যক লৈও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে । এপিডব্লিউৰ মতে, বজাৰত ৬০ হাজাৰ টকাৰ পৰা ৭০ হাজাৰ টকাৰ ভিতৰত উপলব্ধ লেপটপসমূহ আঢ়ৈ লাখ টকাৰ ওচৰত ক্ৰয় কৰা হৈছিল বুলি অভিযোগ আছে। ইয়াৰ ফলত কোটি টকাৰ অতিৰিক্ত ব্যয় হোৱা সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে।
সংগঠনটোৱে Skilled আৰু Unskilled Manpower শীৰ্ষক বিভিন্ন চুক্তিৰ জৰিয়তে কোটি কোটি টকা ব্যয় হোৱা বুলি অভিযোগ কৰিছে। এপিডব্লিউয়ে দাবী কৰে যে এই ক্ষেত্ৰত নিয়োগপ্ৰাপ্ত ব্যক্তিসকলৰ তালিকা, তেওঁলোকৰ দায়িত্ব আৰু প্ৰকৃত উপস্থিতি পৰীক্ষা কৰিলে বহু তথ্য পোহৰলৈ আহিব পাৰে।
বিধানসভাৰ বিভিন্ন তথ্য-প্ৰযুক্তি আৰু মেইনটেনেন্স সম্পৰ্কীয় কাম লাভ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধেও এই চুক্তিসমূহৰ প্ৰক্ৰিয়া, ব্যয় আৰু কাৰ্যসম্পাদন পৰ্যালোচনা কৰাৰ দাবী জনোৱা হৈছে।
এপিডব্লিউয়ে অভিযোগ কৰে যে বিধানসভাৰ বাবে ক্ৰয় কৰা বিভিন্ন টেলিভিছন, CCTV, Display System আৰু অন্যান্য সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়াতো অনিয়মৰ সম্ভাৱনা আছে। কোনো কোনো সামগ্ৰী যোগান ধৰা হোৱা বুলি বিল দাখিল কৰা হৈছিল যদিও বাস্তৱ ক্ষেত্ৰত সেই সামগ্ৰী উপলব্ধ নাছিল বুলি সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰিছে।
সংগঠনটোৱে বিধানসভা চৌহদত স্থাপন কৰা Light and Sound Show আৰু Digital Museum প্ৰকল্পসমূহৰ ব্যয়, টেণ্ডাৰ আৰু কাৰ্যকৰণ পদ্ধতিৰ ওপৰতো তদন্তৰ দাবী জনাইছে। এপিডব্লিউৰ মতে, এই দুয়োটা প্ৰকল্পত ব্যয় হোৱা ধনৰ পৰিমাণ আৰু প্ৰকৃত কামৰ মাজত বিসংগতি আছে নেকি সেয়া পৰীক্ষা কৰা প্ৰয়োজন।
এপিডব্লিউয়ে উল্লেখ কৰা হৈছে যে যোৱা পাঁচ বছৰত বিধানসভা সচিবালয়ত প্ৰায় ১২৫ জন লোকক বিভিন্ন পদত নিযুক্তি দিয়া হৈছিল। এই নিযুক্তিসমূহৰ এটা অংশত স্বচ্ছতা বজাই ৰখা হোৱা নাছিল বুলি উল্লেখ কৰি সংগঠনটোৱে সম্পূৰ্ণ নিয়োগ প্ৰক্ৰিয়াৰ ওপৰত তদন্তৰ দাবী জনাইছে।
এপিডব্লিউয়ে বিধানসভাৰ শীৰ্ষ বিষয়াবৰ্গৰ বিদেশ ভ্ৰমণৰ বিষয়টোও উত্থাপন কৰিছে। সংগঠনটোৰ দাবী, যোৱা পাঁচ বছৰত চৰকাৰী খৰচত হোৱা বিদেশ ভ্ৰমণসমূহ, ভ্ৰমণ ব্যয়, প্ৰতিনিধিদলৰ গঠন আৰু উদ্দেশ্য সম্পৰ্কে বিস্তৃত তথ্য ৰাজহুৱাভাৱে প্ৰকাশ কৰা উচিত।
Fire and Emergency Services Assam-ৰ ১৬ মে’ ২০২৬ তাৰিখৰ এটা পৰিদৰ্শন প্ৰতিবেদন উদ্ধৃত কৰি নতুন বিধানসভা ভৱনৰ অগ্নি-সুৰক্ষা ব্যৱস্থাত একাধিক ত্ৰুটি থকা বুলি উল্লেখ কৰা হৈছে। এপিডব্লিউয়ে দাবী কৰে যে এই ত্ৰুটিসমূহ অতি শীঘ্ৰে দূৰ কৰা উচিত, কিয়নো ইয়াৰ সৈতে বিধায়ক, কৰ্মচাৰী আৰু দৰ্শনাৰ্থীৰ সুৰক্ষাৰ বিষয় জড়িত।
এপিডব্লিউয়ে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সকলো অভিযোগৰ ওপৰত নিৰপেক্ষ, স্বচ্ছ আৰু সময়বদ্ধ তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৰ মতে, বিধানসভা সচিবালয়ৰ মৰ্যাদা পুনৰুদ্ধাৰ, ৰাজহুৱা আস্থা ঘূৰাই অনা আৰু অভিযোগসমূহৰ সত্যতা উদ্ঘাটনৰ বাবে বিস্তৃত তদন্ত অতি প্ৰয়োজনীয়।
