Your Mic Your Voice

মন্ত্ৰী অতুল বৰাক সফল হিতাধিকাৰী আখ্যা অভিজিত শৰ্মাৰ

0

গুৱাহাটী, ২৫ মে’: পুনৰবাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাক লক্ষ্য কৰি তীব্ৰ সমালোচনামূলক মন্তব্য আগবঢ়াইছে অসম পাব্লিক ৱৰ্কছৰ (Assam Public Works)-ৰ সভাপতি অভিজিত শৰ্মাই। এক মুকলি পত্ৰযোগে অভিজিত শৰ্মাই অসম চুক্তি, ‘কা’ আইন আৰু অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক লৈ একাধিক মন্তব্য প্ৰকাশ কৰিছে।

অসম চুক্তিৰ ৰূপায়ণক লৈ প্ৰশ্ন কৰিছে অভিজিত শৰ্মাই । তেওঁ মন্তব্য কৰে যে মুখ্যমন্ত্ৰীৰ “অগাধ বিশ্বাস আৰু আস্থাৰ পাত্ৰ” হিচাপে অতুল বৰাই ৰাজনৈতিকভাৱে সফলতা লাভ কৰিছে। লগতে অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদ আৰু অসংখ্য অসমীয়াৰ ত্যাগক মূলধন হিচাপে লৈ ৰাজনীতি কৰা নেতাসকলৰ ভিতৰত অতুল বৰা অন্যতম সফল ব্যক্তি বুলিও কটাক্ষ কৰে।

“অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ আৰু অসংখ্য অসমীয়াৰ নিঃস্বাৰ্থ, সীমাহীন ত্যাগক মূলধন হিচাপে লৈ ৰাজনীতিৰ পথাৰত নামি পৰা সকলৰ ভিতৰত আপুনি অন্যতম সফল হিতাধিকাৰী।” শৰ্মাই উল্লেখ কৰে ।

unimex

পত্ৰখনত ‘কা’ আইন বা Citizenship Amendment Act protests-ৰ প্ৰসংগ উত্থাপন কৰি অভিজিত শৰ্মাই অভিযোগ কৰে যে এই আইন কাৰ্যকৰী কৰাৰ ফলত অসম চুক্তিৰ “দাত-নখ নোহোৱা” হৈ পৰিছে। এই বিষয়ত অগপ আৰু অতুল বৰাই পূৰ্বে কৰা প্ৰতিবাদক “নাটক” বুলি আখ্যা দি তেওঁ কয় যে সেই সময়ৰ ৰাজনৈতিক অবস্থান এতিয়া সম্পূৰ্ণ স্ববিৰোধী ৰূপত পৰিণত হৈছে।

তেওঁ লগতে লিখিছে, “আপোনাৰ বাবে গীতা-ভাগৱত সদৃশ অসম চুক্তিখন ৰূপায়ণ কৰাৰ নামত এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিত্ব কৰা ছাত্ৰনেতাৰ এনে স্ববিৰোধী ভেকোভাওনা অবিশ্বাস্য আৰু অকল্পনীয়।”

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকৰ কথাও উল্লেখ কৰি অভিজিত শৰ্মাই কয় যে অতুল বৰাৰ মন্ত্ৰীত্বৰ কালতেই এই স্মাৰক নিৰ্মাণ কৰা হৈছে যদিও শ্বহীদসকলে কেৱল স্মাৰকত ফটো হৈ ওলমি থাকিবলৈ বা ১০ ডিচেম্বৰত এগছি চাকিৰ পোহৰত স্মৰণীয় হ’বলৈ আত্মবলিদান দিয়া নাছিল বুলি তেওঁ মন্তব্য কৰে।

অসম চুক্তি স্বাক্ষৰৰ ৪১ বছৰ অতিক্ৰম কৰাৰ পাছতো ইয়াৰ পূৰ্ণ ৰূপায়ণ নহ’ল বুলি অভিযোগ উত্থাপন কৰি APW-ৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰী বিভাগটোৱে আলোচনা, বৈঠক আৰু আনুষ্ঠানিকতা পালন কৰিলেও বাস্তৱ ক্ষেত্ৰত কোনো ফলাফল দেখা নাযায়।

Leave A Reply

Your email address will not be published.

Translate »