• Home  
  • বিশিষ্ট আইনজ্ঞ ড° ভুৱন বৰুৱাৰ দেহাৱসান
- অসম

বিশিষ্ট আইনজ্ঞ ড° ভুৱন বৰুৱাৰ দেহাৱসান

 বিশিষ্ট আইনজ্ঞ, শিক্ষাবিদ তথা গৌহাটী বিশ্ববিদ্যালয়ৰ-ৰ আইন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ভুৱন বৰুৱাৰ শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। আইন শিক্ষা, সমাজচিন্তা আৰু জাতীয় জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ড° বৰুৱাৰ প্ৰয়াণক অসমৰ বৌদ্ধিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে […]

 বিশিষ্ট আইনজ্ঞ, শিক্ষাবিদ তথা গৌহাটী বিশ্ববিদ্যালয়ৰ-ৰ আইন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ভুৱন বৰুৱাৰ শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। আইন শিক্ষা, সমাজচিন্তা আৰু জাতীয় জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ড° বৰুৱাৰ প্ৰয়াণক অসমৰ বৌদ্ধিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচনা কৰা হৈছে।

ড° ভুৱন বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত দীৰ্ঘদিন অধ্যাপনা কৰি বহু ছাত্ৰ-ছাত্ৰীক আইনী শিক্ষাৰ ক্ষেত্ৰত দীক্ষা দিছিল। ইয়াৰ উপৰিও তেওঁ তেজপুৰ আইন মহাবিদ্যালয় আৰু এনইএফ আইন মহাবিদ্যালয়ৰ-ৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল। তেওঁৰ নেতৃত্বত বহু শিক্ষানুষ্ঠানে এক বিশেষ শৈক্ষিক পৰিচয় লাভ কৰিছিল। শিক্ষকতা জীৱনৰ উপৰিও তেওঁ সমাজ-ৰাজনৈতিক ক্ষেত্ৰতো সক্ৰিয় ভূমিকা পালন কৰিছিল। উল্লেখযোগ্য যে অসম আন্দোলনৰ সময়ত ড° ভুৱন বৰুৱাই সদৌ গুৱাহাটী গণ সংগ্ৰাম পৰিষদৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিছিল। জাতীয় স্বাৰ্থ আৰু অসমীয়াৰ অধিকাৰৰ প্ৰশ্নত তেওঁ সদায় সোচ্চাৰ ভূমিকা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম উন্নতি সভা-ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। অসম উন্নতি সভাৰ জন্মলগ্নৰ পৰাই তেওঁ সংগঠনটোৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ড° বৰুৱাৰ মৃত্যুত আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত তেওঁলোকে কয় যে ড° বৰুৱা কেৱল এজন আইনজ্ঞ বা শিক্ষাবিদেই নাছিল, তেওঁ অসমীয়া জাতীয় জীৱনৰ এজন চিন্তাশীল পথপ্ৰদৰ্শক আছিল। তেওঁৰ অৱদান আৰু আদৰ্শ আগন্তুক প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি মন্তব্য কৰে আছু নেতৃত্বই। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনাও জ্ঞাপন কৰে। ইফালে, আজি গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ভৱনত ড° ভুৱন বৰুৱাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আছুৰ সভাপতি উৎপল শৰ্মা আৰু ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ সন্থাৰ পতাকা আৱৰণ কৰি বিশিষ্ট শিক্ষাবিদগৰাকীৰ প্ৰতি শেষ সন্মান জনায়। বিভিন্ন সামাজিক, শৈক্ষিক আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিসকলেও উপস্থিত থাকি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। ড° ভুৱন বৰুৱাৰ মৃত্যুতে অসমে এজন প্ৰজ্ঞাবান শিক্ষাবিদ, জাতীয় চিন্তাবিদ আৰু সমাজসচেতন ব্যক্তিত্বক হেৰুৱালে বুলি বিভিন্ন মহলে মন্তব্য প্ৰকাশ কৰিছে।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.