Your Mic Your Voice

2025-26 বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান

0

শিশু-চেমনিয়াৰ বিদ্যায়তনিক উত্তৰণ আৰু সুস্থ মানসিক বিকাশৰ ক্ষেত্ৰত সুদীৰ্ঘ চাৰিটা দশকজুৰি অবিৰতভাৱে অভূতপূৰ্ব বৰঙনি আগবঢ়া আহিছে শিশু আসলোচনী “সঁফুৰা”ই ৷ প্ৰয়াত সাহিত্যিক ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনা আৰু প্ৰসিদ্ধ প্ৰকাশক অম্বিকাপদ দেৱ চৌধুৰীৰ প্ৰকাশনাৰে ১৯৮৩ চনৰ পৰা ধাৰাবাহিকভাৱে ছপা হৈ থকা আলোচনীখনে 12 জুলাই দেওবাৰে ২০২৫-২৬ বৰ্ষৰ “সঁফুৰা বৃত্তি” প্ৰদান কৰে ৷ মহানগৰীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত পুৱা ১০-৩০ বজাৰ পৰা আয়োজিত “সঁফুৰা বৃত্তি” প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে দৈনিক জনমভূমি কাকতৰ মুখ্য সম্পাদক, বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে “সঁফুৰা”ই আচলতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে নিৰৱে এক আন্দোলন গঢ়ি তুলিছে ৷ এনে অনুষ্ঠান হয়তো অসমতে কেৱল নহয় ভাৰতবৰ্ষতো দ্বিতীয় এটা নাই ৷ অসমৰ নগৰাঞ্চলৰ পৰা গ্ৰামাঞ্চললৈ সকলো ঠাইৰে শিক্ষাৰ্থীসকলক সামৰি লৈছে এই বৌদ্ধিক যাত্ৰাই ৷ বিশিষ্ট পুথি প্ৰকাশক ধীৰাজ গোস্বামীয়ে ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ আদৰ্শ জীয়াই ৰাখিবলৈ সক্ষম হৈছে “সঁফুৰা”ৰ জৰিয়তে ৷ এয়া জাতীয় দায়ৱদ্ধতাৰ সুন্দৰ নিদৰ্শন ৷ অসমৰ শিশু-কিশোৰ শিক্ষাৰ্থীসকলে যাতে সম্পূৰ্ণ জ্ঞান অৰ্জনৰে নিজক গঢ়িব পাৰে সেই লক্ষ্যৰে সঁফুৰা পৰিয়ালে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে ৷ সঁফুৰাৰ এই মহৎ কামক অসমবাসীয়ে অনাগত সময়ত সদায়ে স্মৰণ কৰিব ৷

unimex

উল্লেখ্য যে এইবেলি অংকুৰণ শাখা (দ্বিতীয় আৰু তৃতীয় শ্ৰেণী)ত প্ৰথম স্থান লাভ কৰা শংকৰদেৱ শিশু নিকেতন, চৰাইবাহীৰ এনৰিক চুতীয়াক ১৬ হজাৰ টকা, দ্বিতীয় স্থান লাভ কৰা বৰুৱা বামুণবাৰী ইংলিছ একাডেমী, চমৰীয়াৰ ঈষিকা আহমেদক ১৪ হাজাৰ টকা, তৃতীয় স্থান লাভ কৰা গহপুৰ টাউন স্কুল, গহপুৰৰ জিষ্ণু কাশ্যপ ভূঞাক ১২ হাজাৰ টকা, চতুৰ্থ স্থান লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতন, দিপীলাৰ জোনাকাশ ভূঞাক ১১ হাজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰা নৱোদয় জাতীয় বিদ্যালয়, চামতাৰ আলিছা হাইক ১০ হাজাৰ টকাৰ বৃত্তি প্ৰদান কৰা হয় ৷ একেদৰে প্ৰাথমিক (চতুৰ্থ আৰু পঞ্চম শ্ৰেণী)ত প্ৰথম স্থান লাভ কৰা নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যলয়, নাৰায়ণপুৰৰ দৰ্শিত বৰুৱাক ১৬ হাজাৰ টকা , দ্বিতীয় স্থান লাভ কৰা নলবাৰী কেন্দ্ৰেীয় বিদ্যালয়, নলবাৰীৰ নৱনীতা দেৱীক ১৪ হাজাৰ টকা, তৃতীয় স্থান লাভ কৰা খলিহৈ আঞ্চলিক আদৰ্শ বিদ্যালয়, খলিহৈৰ ধৃতিষা দাসক ১২ হাজাৰ টকা, চতুৰ্থ স্থান লাভ কৰা পূব জালনী জাতীয় বিদ্যালয়, দুলীয়াজানৰ হীৰা খঙীয়াক ১১ হাজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰা প্ৰগতি ইংলিছ মিডিয়াম স্কুল, ঘিলামৰাৰ অভিনৱ চাংমাইক ১০ হাজাৰ টকাৰ বৃত্তি প্ৰদান কৰা হয় ৷ ঠিক সেইদৰে মজলীয়া (ষষ্ঠ আৰু সপ্তম শ্ৰেণী)ত প্ৰথম স্থান লাভ কৰা অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্ৰিয়াংশু প্ৰীতিশ শৰ্মাক ১৬ হাজাৰ টকা, দ্বিতীয় স্থান লাভ কৰা ভি কে ভি, ধেমাজিৰ ভিহান দাসক ১৪ হাজাৰ টকা, তৃতীয় স্থান লাভ কৰা মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, মৰিগাঁৱৰ মাশ্বাৰিক আব্দুল্লাক ১২ হাজাৰ টকা, চতুৰ্থ স্থান লাভ কৰা তেজপুৰ গুৰুকুল, তেজপুৰৰ নিশান্ত চেত্ৰীক১১ হাজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰা শংকৰদেৱ বিদ্যা মন্দিৰ, কুকুৰমাৰাৰ দীপাস্মিতা দাসক ১০ হাজাৰ টকাৰ বৃত্তি প্ৰদান কৰা হয় ৷ ইপিনে মাধ্যমিক (অষ্টম আৰু নৱম শ্ৰেণী)ৰ বৃত্তি পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত ছেইন্ট পিটাৰ্চ স্কুল, নাজিৰাৰ দেৱাংগ ঢেকিয়াল ফুকনক ১৬হাজাৰ টকা, দ্বিতীয় স্থানপ্ৰাপ্ত গুৰুকুল গ্ৰামাৰ চিনিয়’ৰ ছেকেণ্ডাৰী স্কুল, গুৱাহাটীৰ ৱাছবীৰ হুছেইনক ১৪ হাজাৰ টকা, তৃতীয় স্থানপ্ৰাপ্ত শংকৰদেৱ শিশু নিকেতন, বৰপথাৰৰ গীতাৰ্থী দেৱীক ১২ হাজাৰ টকা, চতুৰ্থ স্থানপ্ৰাপ্ত শংকৰদেৱ শিশু নিকেতন, টেঙাপুখুৰীৰ ৰিতুপন গগৈক ১১ হাজাৰ টকা আৰু পঞ্চম স্থানপ্ৰাপ্ত অংকুৰণ শিশু নিকেতন, গোৰেশ্বৰৰ অংকুৰ শৰণীয়াক ১০ হাজাৰ টকাৰ সঁফুৰা জলপানি আগবঢ়োৱা হয় ৷

তদুপৰি ১৮ জনলৈ ৫ হাজাৰ টকা, ৫৫ জনলৈ ২ হাজাৰ টকা, ৭০ জনলৈ ১ হাজাৰ টকা, ৭১৪ জনলৈ ৫শ টকা আৰু ১২৭৬ জনলৈ ৩শ টকাকৈ সঁফুৰা বৃত্তি প্ৰদান কৰা হয় ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিগত ২০০৪ চনৰ পৰা “সঁফুৰা”ই এই বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক ইতিবাচক শৈক্ষিক বাতাৱৰণ গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আহিছে ৷ এইবেলি ৫০ হেজাৰতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ “সঁফুৰা” আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ড° ভবেন্দ্ৰনাথ শইকীয়া , প্ৰকাশক অম্বিকাপদ দেৱচৌধুৰী আৰু “সঁফুৰা” বৃত্তি পৰীক্ষাৰ একালৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ড° মহম্মদ তাহেৰ, গোগামুখ আৰু ঘিলামৰা কেন্দ্ৰৰ তত্ত্বাৱধায়ক প্ৰয়াত অতুল বৰুৱাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি আজিৰ বৃত্তি প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ ইয়াৰ পাছতে জ্ঞাত-অজ্ঞাত সকলো প্ৰয়াত শিল্পী-সাহিত্যিকৰ সশ্ৰদ্ধ সোঁৱৰণত এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথা সাহিত্যিক, “সঁফুৰা”ৰ মুখ্য সম্পাদক ড° কুলধৰ শইকীয়াই কয় যে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে সফলতা অৰ্জনৰ বাবে প্ৰস্তুত কৰিবলৈ এনে পৰীক্ষাৰ আয়োজন কৰাটো অতি দৰকাৰী ৷ কিন্তু পাঠ্যক্ৰমৰ কিতাপ পঢ়াই পঢ়া নহয় ৷ অন্য কিতাপো পঢ়াৰ প্ৰয়োজন আছে ৷ আজি অনুষ্ঠিত হৈ যোৱা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷

Leave A Reply

Your email address will not be published.

Translate »