Your Mic Your Voice

আগমনি আৰক্ষী থানাত মহিলাক নিৰ্যাতনৰ অভিযোগ, দুজন আৰক্ষীৰ বিৰুদ্ধে উত্তাল পৰিস্থিতি

0

আগমনি আৰক্ষী থানাত এগৰাকী মহিলাক মাৰপিট আৰু নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। থানাৰ সহ-পৰিদৰ্শক ৰূপজ্যোতি কলিতা আৰু মহিলা আৰক্ষী বিনিতা সূত্ৰধৰৰ বিৰুদ্ধে এই অভিযোগ উঠিছে। ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আগমনি থানাৰ অন্তৰ্গত পাৱৰচৰা গাঁৱৰ ৰাহুল সেন নামৰ এজন যুৱকে একে গাঁৱৰে এগৰাকী বিবাহিত মহিলাৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈছিল। মহিলা গৰাকীৰ নাম জয়শ্ৰী ৰায়, তেওঁ এটা সন্তানৰ মাতৃ। তেওঁৰ স্বামী কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে।

অভিযোগ অনুসৰি, চাৰি মাহ পূৰ্বে ৰাহুল সেনে জয়শ্ৰী ৰায়ক পলুৱাই লৈ যায়। ইয়াকে লৈ জয়শ্ৰীৰ পৰিয়ালে আগমনি থানাত ৰাহুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

যোৱা কালি ৰাহুলে জয়শ্ৰীক ৰতিয়াদহ অঞ্চলত এৰি পলায়ন কৰিবলৈ চেষ্টা কৰে। সেই সময়তে জয়শ্ৰীৰ পৰিয়ালৰ লোকে ৰাহুলক আটক কৰি নলীয়াত আবদ্ধ কৰি ৰাখে। খবৰ পাই সন্ধিয়া আগমনি আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ দুয়োকে থানালৈ লৈ আহে।

unimex

পৰিয়ালৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে নিশা গোপনে অভিযুক্ত ৰাহুল সেনক মুকলি কৰি দিয়ে। আনফালে জয়শ্ৰী ৰায়ক জোৰপূৰ্বক মোবাইলত জবানবন্দী ৰেকৰ্ড কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

জয়শ্ৰীয়ে আৰক্ষীয়ে শিকাই দিয়া মতে জবানবন্দী দিবলৈ অস্বীকাৰ কৰাত থানাৰ ভিতৰতে মহিলা আৰক্ষীৰ হতুৱাই তেওঁক মাৰপিট কৰাৰ অভিযোগ উঠিছে। লগতে সহ-পৰিদৰ্শক ৰূপজ্যোতি কলিতাই অশ্লীল ভাষাৰে গালি-গালাজ কৰা বুলিও অভিযোগ কৰিছে ভুক্তভোগীয়ে।

আজি পুৱা আৰক্ষীয়ে জয়শ্ৰীক পৰিয়ালৰ হাতত গতাই দিয়ে। থানাৰ পৰা ওলাই আহি জয়শ্ৰীয়ে সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ বৰ্বৰতাৰ কাহিনী বিৱৰি কয়।

ভুক্তভোগী মহিলাগৰাকীয়ে এই ঘটনাৰ উচিত তদন্ত আৰু অভিযুক্ত ৰাহুল সেনৰ লগতে দোষী আৰক্ষী বিষয়াৰ শাস্তিৰ দাবী জনাইছে।

এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া এতিয়াও পোৱা হোৱা নাই।

Leave A Reply

Your email address will not be published.

Translate »