প্ৰতিবাদকাৰী ছাত্ৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিব পাৰে চৰকাৰে: উচ্চতম ন্যায়ালয়
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশজুৰি হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দিল্লী চৰকাৰ আৰু অন্যান্য ৰাজ্য চৰকাৰে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰ (FIR) নোলোৱাা বা প্ৰযোজ্য আইনী প্ৰক্ৰিয়াৰে প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ।
মুখ্য ন্যায়াধীশ সূৰ্য কাণ্টৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে কয় যে ২৮ জুলাইত দিয়া ‘অপৰাধমূলক পূৰ্বসূৰী’ থকা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি সংক্রান্তীয় মন্তব্য কেৱল গুৰুতৰ আৰু জঘন্য অপৰাধৰ অভিযুক্তসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল । সাধাৰণ ছাত্ৰ প্ৰতিবাদকাৰীৰ ক্ষেত্ৰত সেই মন্তব্য প্ৰযোজ্য নহয় বুলি বিচাৰপীঠে স্পষ্ট কৰে।
উল্লেখ্য যে, যোৱা ২০ জুলাই নীট পৰীক্ষাৰ কাগজ ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি দিল্লীৰ যন্তৰ-মন্তৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই প্ৰতিবাদত অংশগ্ৰহণ কৰা বহু ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে অত্যধিক বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল । আনহাতে, আহত আৰক্ষী বিষয়াৰ পৰিয়ালেও আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ।
শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বৰ আশ্বাসত অটল আছে । অৱশ্যে তেওঁ স্পষ্ট কৰে যে ফৌজদাৰী আইন অনুসৰি FIR পোনপটীয়াকৈ ‘প্ৰত্যাহাৰ’ কৰাৰ কোনো ব্যৱস্থা নাই । ইয়াৰ পৰিৱৰ্তে বন্ধৰ প্ৰতিবেদন (Closure Report) দাখিল কৰা, বিচাৰ প্ৰত্যাহাৰৰ আবেদন জনোৱা অথবা উপযুক্ত আদালতৰ জৰিয়তে কাৰ্যবিধি বাতিল কৰাৰ দৰে আইনী পথ অনুসৰণ কৰিব লাগিব ।
ইয়াৰ প্ৰতিক্ৰিয়াত মুখ্য ন্যায়াধীশ সূৰ্য কাণ্টে কয় যে আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰিব পৰা পৰিস্থিতি আৰু তাৰ পদ্ধতি সন্দৰ্ভতো আদালতে দিশ-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব । লগতে আৰক্ষীৰ অতিমাত্ৰা বল প্ৰয়োগৰ অভিযোগৰ তদন্তৰ বাবে আৰক্ষী বিষয়াৰে গঠিত বিশেষ তদন্তকাৰী দল (SIT) গঠন অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন স্বতন্ত্ৰ তদন্ত সমিতি গঠনৰ বিষয়টোও আদালতে বিবেচনা কৰি আছে ।