Your Mic Your Voice

শংকৰদেৱৰ তিৰোভাৱ তিথিত ৰাজ্যজুৰি সত্ৰ-নামঘৰত ভক্তিৰস

0

হৰিনাম-কীৰ্তন, বৰগীত আৰু নাম-প্ৰসংগৰে স্মৰণ মহাপুৰুষগৰাকীক

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি সত্ৰ, নামঘৰ আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানস্থলী ভক্তিৰসত মুখৰিত হৈ পৰিছে। পুৱাৰে পৰা ভকত-বৈষ্ণৱ, আইসকল আৰু ধৰ্মপ্ৰাণ ৰাইজে হৰিনাম-কীৰ্তন, বৰগীত, গায়ন-বায়ন আৰু নাম-প্ৰসংগৰ জৰিয়তে মহাপুৰুষগৰাকীক স্মৰণ কৰিছে।

তেজপুৰতো বিভিন্ন সত্ৰ, নামঘৰ আৰু বিদ্যালয়ত তিৰোভাৱ তিথি উপলক্ষে বিশেষ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। পুৱাৰে পৰা হৰিনাম-কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰে ব্ৰজেন নগৰৰ নামঘৰ প্ৰাংগণ। ভকত-বৈষ্ণৱ আৰু আয়তীসকলে নাম-কীৰ্তন পৰিৱেশন কৰি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

unimex

ইফালে হাজোৰ ঐতিহাসিক ধোপৰগুৰি সত্ৰ আৰু বৰদধি শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰতো ৪৫৮সংখ্যক তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰগীত, গায়ন-বায়ন আৰু হৰিনামৰ অমিয়া ধ্বনিৰে সত্ৰসমূহত সৃষ্টি হয় আধ্যাত্মিক পৰিৱেশ।

যোৰহাট নিলমণী ফুকন পথত বৃহত্তৰ যোৰহাট শাক পাছলি ব্যৱসায়ী সন্থাৰ সৌজন্যত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।পুৱাই ধৰ্মধ্বজা উত্তোলনৰ পাছতেই প্ৰয়াত শিল্পী সুধাকণ্ঠ ড°ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজলন কৰি পুষ্পাঞ্জলি অৰ্প কৰা হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰতো দিনজোৰা ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিৰোভাৱ তিথিৰ দিনটোত নাম-প্ৰসংগ, হৰিনাম-কীৰ্তন আৰু বৰগীতৰ মাজেৰে অসমীয়া সমাজ-জীৱনলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আগবঢ়োৱা অৱদানক স্মৰণ কৰিছে ভক্তসকলে।

Leave A Reply

Your email address will not be published.

Translate »