ৰাহুল-প্ৰিয়ংকাক আটকৰ পিছত ছাত্ৰশাল ষ্টেডিয়ামত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা
দিল্লীত আজি ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাকে ধৰি কেইবাগৰাকীও বিৰোধী সাংসদক দিল্লী আৰক্ষীয়ে আটক কৰে।
জানিব পৰা মতে, বিৰোধী সাংসদসকল যন্তৰ-মন্তৰলৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ গৈ আছিল। সেই সময়তে দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বাছ ৰখাই দিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিৰোধী সাংসদসকলক কঢ়িয়াই নিয়া বাছখন জনপথত ৰখাই দিয়া হয়। বাছ ৰখাই দিয়াৰ পিছত সাংসদসকলে যন্তৰ-মন্তৰলৈ পদযাত্ৰা কৰি যোৱাৰ সিদ্ধান্ত লয়। কিন্তু আৰক্ষীয়ে তেওঁলোকক আগবাঢ়ি যাবলৈ দিয়া নাছিল আৰু তাৰ পিছতে আটক কৰে।
আটক কৰাৰ পিছত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰা আৰু অন্যান্য বিৰোধী নেতাসকলক ছাত্ৰশাল ষ্টেডিয়ামলৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকক তাতেই ৰখা হৈছে।
ইফালে, ছাত্ৰশাল ষ্টেডিয়ামত আৰক্ষীৰ বৃহৎ বাহিনী মোতায়েন কৰা হৈছে। যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ ষ্টেডিয়ামৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। বিৰোধীৰ এই প্ৰতিবাদক লৈ দিল্লীৰ ৰাজনীতিত এতিয়া তীব্ৰ চৰ্চা চলিছে।