Your Mic Your Voice

CJP ৰ প্ৰতিবাদৰ মাজতেই Gen Z ক লৈ মাষ্ট্ৰাৰ ষ্ট্ৰোক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

0

কিছুদিন পূৰ্বে দিল্লীৰ যন্তৰ মন্তৰ উত্তপ্ত হৈ পৰিছিল নৱপ্ৰজন্মৰ ‘জেন জেড’ৰ আন্দোলনক কেন্দ্ৰ কৰি । শিক্ষাৰ সংস্কাৰ দাবী কৰি শিক্ষাৰ্থীসকলে উত্তাল কৰি তুলিছিল দিল্লীৰ ৰাজপথ । ইয়াৰ পাচতে কেন্দ্ৰীয় চৰকাৰ বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সেও মনা পৰিলক্ষিত হৈছিল। এইবাৰ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে Gen Z ৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লৈছে । ৬ আগষ্ট বৃহস্পতিবাৰে দেশৰ ১০০খন চহৰৰ শিক্ষাৰ্থীৰ সৈতে আলোচনাত ভাগ ল’ব সংঘৰ প্ৰধান ভাগৱতে । মুম্বাইত ‘ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আন্দোলন’ৰ বৰ্ষপূৰ্তি উপলক্ষে তেওঁ এই ভাষণ প্ৰদান কৰিব ।

এই সন্মিলনত দেশৰ ১০০ খন চহৰৰ পৰা ২০০০ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে জেন জি আৰু জেন আলফাৰ সৈতে ভাৱ-বিনিময় কৰা । মন কৰিবলগীয়া যে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা সকলক ‘জেন জি’ আৰু ২০১৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত জন্ম হোৱা সকলক ‘জেন আলফা’ বুলি কোৱা হয় ।

এই সন্মিলনত মূলতঃ বিশ্ব ঐক্য গঢ়াত যুৱক-যুৱতীসকলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হ’ব । অংশগ্ৰহণ কৰিবলগীয়া শিক্ষাৰ্থীসকলে বিভিন্ন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাষণ দিব পাৰিব ।

unimex

মন কৰিবলগীয়া যে যন্তৰ মন্তৰ আন্দোলনৰ সময়ত মোহন ভাগৱতে যুৱ প্ৰজন্মৰ সৈতে কথা পতাটো প্ৰয়োজনীয় বুলি কৈছিল । তেওঁৰ মতামত আছিল যে এই প্ৰজন্মই নিৰ্দেশনা নহয় আলোচনাহে বিচাৰে । এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, “এই প্ৰজন্মই প্ৰশ্নৰ উত্তৰ বিচাৰে, তেওঁলোকে প্ৰশ্ন নকৰাকৈয়ে সকলো মানি ল’ব নিবিচাৰে । আমাৰ কিশোৰ বয়সত যি আজ্ঞাকাৰীতাৰ পৰিৱেশ আছিল, সেই পৰিৱেশ এতিয়া নাই । আমি সকলো বুজাব লাগিব । আমি তেওঁলোকক সময় দিয়া উচিত ।”

ৰাজনৈতিক পট পৰিৱৰ্তনত নিৰ্ণায়ক ভূমিকা ল’ব নেকি Gen Z এ ?
উল্লেখ্য যে, শিক্ষা ব্যৱস্থাৰ সংস্কাৰ দাবী কৰি দেশত হোৱা আন্দোলনে দেশৰ পৰিধি ভাঙি বিদেশ পৰ্যন্ত বিয়পি পৰা পৰিলক্ষিত হৈছিল । প্ৰায় এমাহজোৰা এই আন্দোলনে সফলতা লাভ কৰাও পৰিলক্ষিত হৈছে । সমান্তৰালভাৱে, চুবুৰীয়া দেশসমূহত বিগত সময়ছোৱাত যুৱ প্ৰজন্মই ৰাজনৈতিক পট পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে । ডিজিটেল যুগৰ এই Gen Z প্ৰজন্মই সামাজিক মাধ্যমৰ জৰিয়তে জনমত গঢ়ি তোলা, আন্দোলন সংগঠিত কৰা আৰু ৰাজনৈতিক আলোচনাক নতুন দিশ দিয়াৰ ক্ষমতা প্ৰদৰ্শন কৰিছে ।

ভাৰততো দ্ৰুতগতিত বৃদ্ধি পাইছে ৰাজনৈতিকভাৱে সজাগ এই Gen Z ভোটাৰৰ সংখ্যা । এই প্ৰজন্মই যিকোনো চৰকাৰক প্ৰশ্ন কৰিবলৈ, নিজৰ মত প্ৰকাশ কৰিবলৈ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অধিক আগ্ৰহী।

২০২৯ চনৰ লোকসভা নিৰ্বাচনত এই নতুন ভোটাৰসকলৰ প্ৰভাৱ যথেষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে । অৱশ্যে এই প্ৰভাৱে কোনটো ৰাজনৈতিক দলক লাভান্বিত বা ক্ষতিগ্ৰস্ত কৰিব, সেয়া এতিয়াই নিশ্চিতভাৱে ক’ব নোৱাৰি। কিন্তু এটা কথা নিশ্চিত—Gen Z প্ৰজন্মই ২০২৯ চনৰ ভাৰতীয় ৰাজনৈতিক দিশ নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব ।

Leave A Reply

Your email address will not be published.

Translate »