CECক সুৰক্ষা দিবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে মোদী চৰকাৰে: অভিজিৎ ডিপকে
মুখ্য নিৰ্বাচন আয়ুক্তক (CEC) সুৰক্ষা দিয়াৰ নামত কেন্দ্ৰৰ মোদী চৰকাৰে দেশৰ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে অভিজিৎ ডিপকে।
তেওঁ কয় যে, গণতন্ত্ৰত নিৰ্বাচন আয়োগ হৈছে এটা স্বাধীন আৰু নিৰপেক্ষ অনুষ্ঠান। কিন্তু বৰ্তমান চৰকাৰে সেই অনুষ্ঠানটোক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছে। চিইচিৰ বিৰুদ্ধে কোনো মাত মাতিলে, প্ৰশ্ন উত্থাপন কৰিলে তাক দেশদ্ৰোহী সজাই জেলত ভৰোৱাৰ দৰে পৰিৱেশ সৃষ্টি কৰা হৈছে।

“এয়া গণতন্ত্ৰৰ বাবে অতি ভয়ংকৰ সংকেত। চৰকাৰে নাগৰিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। যেতিয়া এটা চৰকাৰে এজন বিষয়াক বচাবলৈ সমগ্ৰ দেশৰ জনতাক দমন কৰিবলৈ যায়, তেতিয়া বুজিব লাগিব গণতন্ত্ৰ বিপদত আছে,” বুলি অভিজিৎ ডিপকে কয়।
তেওঁ লগতে অভিযোগ কৰে যে, নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতাৰ দাবী কৰা প্ৰতিজন ব্যক্তিৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰা হৈছে। এয়া চিইচিক সুৰক্ষা নহয়, নিজৰ গাদী সুৰক্ষাৰ কৌশলহে বুলি তেওঁ মন্তব্য কৰে।