L.K. আদৱানীৰ স্বাস্থ্য সুস্থিৰ, এপ’ল’ হাস্পতালত নাড্ডাৰ সাক্ষাৎ
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ-প্রধানমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। বুকুৰ সংক্ৰমণৰ অভিযোগত তেওঁক দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
৯৮ বছৰীয়া জ্যেষ্ঠ নেতা গৰাকীক শুকুৰবাৰে নিশা প্ৰায় ৭.৩০ বজাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁ হাস্পতালখনৰ আইচিইউত চিকিৎসাধীন হৈ আছে। তেওঁ স্নায়ু বিশেষজ্ঞ ডাঃ বিনীত সুৰীৰ তত্বাৱধানত আছে।

শনিবাৰে পুৱা এপ’ল’ হাস্পতালে এক বিবৃতি প্ৰকাশ কৰি কয়, “এল কে আদৱানীক বুকুৰ সংক্ৰমণৰ বাবে এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁ বৰ্তমান আইচিইউত ডাঃ বিনীত সুৰীৰ তত্বাৱধানত আছে। তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক নিবিড় চিকিৎসা পৰ্যবেক্ষণত ৰখা হৈছে।”
আনহাতে, শনিবাৰে পুৱা ৯.৩০ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই এপ’ল’ হাস্পতালত উপস্থিত হৈ আদৱানীৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসকৰ সৈতে কথা পাতি আদৱানীৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। সাক্ষাৎৰ পিছত নাড্ডাই তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে।