Your Mic Your Voice

৮১ কোটি টকা ব্যয় সাপেক্ষে আজি মুকলি হ’ল কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয়

0

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় । আজি মুকলি কৰা এই নতুন আয়ুক্ত কাৰ্যালয় নিৰ্মাণত ব্যয় হৈছে প্ৰায় ৮১ কোটি টকা । চৰকাৰী তথ্য অনুসৰি কাৰ্যালয়টোৰ মুঠ এলেকা ১২ হাজাৰ ৬শ ৯৫ বৰ্গমিটাৰ । তিনি মহলাৰ কাৰ্যালয়টোত পাৰ্কিং আৰু সৌৰশক্তিৰ সুবিধা থকাৰ লগতে ৩৫০ কিলোৱাট সৌৰশক্তি উৎপাদনৰ ব্যৱস্থা কৰা হৈছে ।

unimex

কাৰ্যালয়টো মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্ধিত কামকাজৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা সলনি কৰা হৈছে বুলি উল্লেখ কৰে । এই নতুন ভৱনটোৰ তিনিটা মহলাত ২১ টা কাৰ্যালয় থাকিব । এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ কাম-কাজ জনসাধাৰণে লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আয়ুক্তৰ কাৰ্যালয়ৰ বাবে অতিৰিক্তভাৱে বিদ্যুতৰ মাচুল দিব নালাগে । সৌৰশক্তিৰ জৰিয়তে পৰিচালিত হ’ব কাৰ্যালয়টো । আগতে পাছখন জিলাৰ কাম এই কাৰ্যালয়ৰ পৰা চলিছিল, পৰৱৰ্তী সময়ত ভাগ ভাগ হৈ ৫খন জিলা হ’ল । মহানগৰ জিলাৰ ১২ লাখ ৬০ হাজাৰ লোকে সুবিধা লাভ কৰিব এই কাৰ্যালয়ৰ জৰিয়তে ।’’

Leave A Reply

Your email address will not be published.

Translate »