ভাৰত-EU FTA ভাৰত আৰু পোলেণ্ডৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক বহল কৰিব: প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউচত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে যৌথ সংবাদমেলত কয় যে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে (FTA) ভাৰত আৰু পোলেণ্ডৰ মাজত অৰ্থনৈতিক সহযোগিতা অধিক বিস্তৃত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক শক্তিয়ে ভাৰত-পোলেণ্ড অংশীদাৰিত্বৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। আৰু ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে এই সুযোগসমূহ আৰু অধিক বহল কৰি তুলিছে।”
২০২৪ চনত তেওঁৰ পোলেণ্ড ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল বুলি উল্লেখ কৰি মোদীয়ে কয় যে যোৱা দুবছৰত এই অংশীদাৰিত্বই নতুন গতি লাভ কৰিছে।

মোদীয়ে লগতে কয় যে প্ৰতিৰক্ষা, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ সহমতত উপনীত হৈছে।
দুয়োজন নেতাই দ্বিপাক্ষিক বাণিজ্য প্ৰায় ৬ বিলিয়ন ডলাৰৰ পৰা ১০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এফটিএ কাৰ্যকৰী হ’লে ভাৰতৰ পৰা পোলেণ্ডলৈ যন্ত্ৰপাতি, ৰাসায়নিক, প্লাষ্টিক, অভিযান্ত্ৰিক সামগ্ৰীৰ ৰপ্তানিৰ নতুন সুযোগ মুকলি হ’ব।
ইয়াৰ উপৰিও ৰে’লৱে, গতিশীলতা, উন্নত উৎপাদন, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু বায়’টেক খণ্ডত পোলেণ্ডৰ পৰা নতুন বিনিয়োগ আকৰ্ষণৰ আশা কৰা হৈছে।