অসমৰ জটিল ৰোগীৰ উন্নত চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ বিশেষ তৎপৰতা
বেংগালুৰুৰ নাৰায়ণা হেল্থ চিটী পৰিদৰ্শন; হৃদৰোগ আৰু অস্থিমজ্জা সংৰোপণ ৰোগীৰ চিকিৎসাৰ অগ্ৰগতিৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে
বেংগালুৰু: অসমৰ জটিল ৰোগত আক্ৰান্ত ৰোগীসকলে লাভ কৰি থকা উন্নত চিকিৎসা আৰু তেওঁলোকৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে আজি বেংগালুৰুস্থিত নাৰায়ণা হেল্থ চিটী পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন অসমৰ কেইবাগৰাকীও ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰি চিকিৎসা প্ৰক্ৰিয়া আৰু বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বুজ লয়।
এই পৰিদৰ্শনৰ সময়তে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে নাৰায়ণা হেল্থৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ডাঃ দেৱী প্ৰসাদ শেট্টীৰ সৈতে সাক্ষাৎ কৰে। দুয়োগৰাকীয়ে অসমৰ ৰোগীসকলৰ বাবে উন্নত আৰু বিশেষায়িত চিকিৎসা সেৱা অধিক সহজলভ্য কৰা, জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা তথা ৰাজ্যৰ ৰোগীসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ বিভিন্ন দিশত আলোচনা কৰে।
ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সহযোগিতামূলক স্বাস্থ্যসেৱা আঁচনিৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা কেইবাগৰাকীও হৃদৰোগী আৰু অস্থিমজ্জা সংৰোপণৰ ৰোগীৰ সৈতে মত বিনিময় কৰে। ৰোগীসকলৰ চিকিৎসাৰ অগ্ৰগতিৰ লগতে নাৰায়ণা হেল্থ চিটীত তেওঁলোকে লাভ কৰা চিকিৎসা আৰু অন্যান্য সেৱাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়।

পৰিদৰ্শনৰ অন্যতম গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল হৃদযন্ত্ৰ সংৰোপণ কৰা অসমৰ ৰোগী ৰেহান আহমেদক মন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰা। অসম চৰকাৰৰ সহযোগিতামূলক স্বাস্থ্যসেৱা আঁচনিৰ অধীনত উন্নত চিকিৎসাৰ বাবে নাৰায়ণা হেল্থ চিটীলৈ প্ৰেৰণ কৰা ৰেহানে কালি হৃদযন্ত্ৰ সংৰোপণৰ চিকিৎসা গ্ৰহণ কৰিছিল। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰেহান আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে কথা পাতি তেওঁৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা আৰু চিকিৎসাৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নাৰায়ণা হেল্থ চিটীৰ অস্থিমজ্জা সংৰোপণ এককো পৰিদৰ্শন কৰে। তাত চিকিৎসাধীন অসমৰ ৰোগীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে আলোচনা কৰি ৰোগীসকলক আগবঢ়োৱা বিশেষায়িত চিকিৎসা সেৱাৰ বুজ লয়। অসমৰ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ ভূমিকা আৰু সেৱাৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, অসম চৰকাৰে জটিল আৰু জীৱনদায়ী চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীসকলক ৰাজ্যৰ বাহিৰৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানত উন্নত চিকিৎসা লাভৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে সহায় আগবঢ়াই আহিছে। এনে পদক্ষেপৰ মূল লক্ষ্য হৈছে আৰ্থিক বা অন্যান্য সীমাবদ্ধতাৰ বাবে কোনো ৰোগীয়েই যাতে উন্নত চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰা।
নাৰায়ণা হেল্থ চিটীত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ আজিৰ পৰিদৰ্শনে অসমৰ ৰোগীসকলৰ চিকিৎসা আৰু কল্যাণৰ প্ৰতি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সংবেদনশীলতা আৰু দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰে। ৰাজ্যৰ নাগৰিকসকলে যাতে প্ৰয়োজনৰ সময়ত সময়মতে, গুণগত আৰু উন্নতমানৰ চিকিৎসা লাভ কৰে, সেই লক্ষ্যৰে অসম চৰকাৰে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা পদক্ষেপসমূহ অধিক শক্তিশালী কৰি আগুৱাই নিব বুলি এই পৰিদৰ্শনে স্পষ্ট কৰি তোলে।
স্বাস্থ্য মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মাও উপস্থিত থাকে।