Your Mic Your Voice

চিলনী চোৰক আৰক্ষীৰ গুলীচালনা সন্দৰ্ভত GMCH অধীক্ষকৰ মন্তব্য

0

গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা। কাহিলীপাৰাত দুই চিলনী চোৰক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে।

আৰক্ষী সূত্ৰ অনুসৰি, দুচকীয়া বাহনেৰে এগৰাকী মহিলাক ৰাস্তাত চোঁচৰাই নি বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল দুই চোৰে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই দুয়োকে আটক কৰিবলৈ চেষ্টা কৰোতে গুলীচালনাৰ ঘটনা সংঘটিত হয়।

গুলীচালনাত আহত দুই চোৰৰ নাম প্ৰশান্ত বড়ো আৰু ৰাহুল দাস। প্ৰশান্ত বড়োৰ বাওঁ ভৰিত আৰু ৰাহুল দাসৰ সোঁ ভৰিত গুলী লাগিছে। দুয়োৰে ভৰিৰ কলাফুলৰ তলত গুলী লাগিছে বুলি জানিব পৰা গৈছে।

unimex

এই ঘটনাত দুগৰাকী আৰক্ষী জোৱানো আহত হৈছে। আহত আৰক্ষী দুগৰাকী হৈছে বিকি বৰগোহাঁই আৰু কল্পজ্যোতি শইকীয়া। তেওঁলোকৰ দেহৰ কেইবাটাও অংগত আঘাত লাগিছে।

আহত চাৰিওজনকে পুৱতি নিশা GMCHৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰোৱা হয়।

গুলীচালনা সন্দৰ্ভত GMCHৰ অধীক্ষকে মন্তব্য কৰিছে যে দুয়ো চোৰৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু চিকিৎসা অব্যাহত আছে।

Leave A Reply

Your email address will not be published.

Translate »