Your Mic Your Voice

এই ৰায় মানি ল’ব নোৱাৰি: গৰিমা গাৰ্গ

0

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে।

সামাজিক মাধ্যমত এটা পোষ্টযোগে গৰিমাই ক্ষোভ উজাৰি কয়, ৯ অক্টোবৰৰ পৰা এটা সপ্তাহ অতিক্ৰম কৰিলে। উচ্চ ন্যায়ালয়ৰ ৰায় মনঃপূত নহ’লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰি।

unimex

তেওঁ প্ৰশ্ন তোলে – State of Assam vs Accused এই গোচৰটোত চৰকাৰৰ অভিজ্ঞ SIT এ এতিয়া যি কৰি আছে সেয়া গ্ৰহণযোগ্য নে? জুবিন গাৰ্গৰ প্ৰতি এয়াই দায়িত্ব নে? এয়াই আবেগ?

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ উচ্চতম ন্যায়ালয়লৈ নিয়া হৈছিল বুলি উল্লেখ কৰি গৰিমাই কয়, এতিয়া চাব লাগে যাতে সেই দুটা দানৱ উচ্চতম ন্যায়ালয়ৰ পৰা ওলাই আহিব নোৱাৰে আৰু বাকী দোষীয়েও যাতে কোনো ফালৰ পৰা সাৰি যাব নোৱাৰে।

শেষত তেওঁ দাবী জনায় – গতিকে মানি ল’ব নোৱৰা এই বিচাৰ উচ্চতম ন্যায়ালয়লৈ নিয়া হওক। অন্যথা আমি ধৰি ল’ম যে অসমৰ বাবে সৰ্বস্ব ত্যাগ কৰা শিল্পীজনৰ বাবে আপোনালোকৰ দায়িত্ব ইমানেই আছিল আৰু আপোনালোকে অপৰাধীৰ ওচৰত হাৰ মানিলে।

Leave A Reply

Your email address will not be published.

Translate »