Your Mic Your Voice

শুৱালকুছিত বিজয়াৰ বিষাদ, ব্ৰহ্মপুত্ৰত বিদায় মহিষমৰ্দিনী

0

শৰতৰ সন্ধিয়া ঘোঁৰাত অহা দেৱী দুৰ্গাৰ আজি নৌকাৰে গমন। আজি বিজয়া দশমী। ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে বৃহত্তৰ শুৱালকুছিবাসীয়ে।

বিজয়া দশমী উপলক্ষে ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে শুৱালকুছিতো দেখা গ’ল আবেগিক পৰিবেশ। বৃহত্তৰ শুৱালকুছিৰ ৭খনকৈ দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি ব্ৰহ্মপুত্ৰৰ জলধাৰাত বিসৰ্জন দিয়া হয়।

unimex

ইফালে বিজয়া দশমীৰ দিনটোতে অশোকাষ্টমী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ৰাৱণ দহন কাৰ্যসূচী। জনসমুদ্ৰৰ মাজত অশুভ শক্তিৰ প্ৰতীক দশানন ৰাৱণক দাহন কৰে হাজো-শুৱালকুছিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে।

উল্লেখ্য যে, শুৱালকুছি আৰক্ষী আৰু প্ৰশাসনৰ সুন্দৰ আইন-শৃংখলা ব্যৱস্থাৰ বাবে দুৰ্গা পূজাৰ আটাইকেইটা দিন শান্তিপূৰ্ণভাৱে অতিবাহিত হয়। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

Leave A Reply

Your email address will not be published.

Translate »