দেওবাৰৰ দিনটোত জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ব্যৱহাৰকাৰী ৷ বিশ্বব্যাপী কেবা ঘণ্টা জুৰি ফেচবুক, ইনষ্টাগ্ৰাম বিকল হৈ থকাৰ পাচত অৱশেষত মেটাই সেয়া উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হঠাতে দুয়োটা জনপ্ৰিয় সামাজিক মাধ্যমৰ চাৰ্ভাৰ ডাউন হৈ পৰাত ব্যৱহাৰকাৰী অস্বস্তিত পৰে ৷ বিশেষকৈ কম্পিউটাৰত ফেচবুক চলোৱা ব্যৱহাৰকাৰীসকল সমস্যাৰ সন্মুখীন হৈছে ৷ কম্পিউটাৰ বা লেপটপত ফেচবুক ব্যৱহাৰ কৰাসকলে ফেচবুক খোলাৰ লগে লগে ””একাউণ্ট সাময়িকভাৱে উপলব্ধ নহয় ৷ চাইটৰ সমস্যাৰ বাবে আপোনাৰ একাউণ্ট বৰ্তমান উপলব্ধ নহয় । আমি আশা কৰিছো যে অতি সোনকালে ইয়াৰ সমাধান হ’ব । অনুগ্ৰহ কৰি কেইমিনিটমানৰ পিছত পুনৰ চেষ্টা কৰক” বুলি ডিছপ্লেত দেখা পোৱা যায় ৷”
দেওবাৰে দিনৰ ভাগত উদ্ভৱ হোৱা এই সমস্যাৰ বাবে কোটি কোটি ফেচবুক ব্যৱহাৰকাৰী অসুবিধাৰ সন্মুখীন হৈছে ৷ এই সন্দৰ্ভত মেটা কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো তথ্য প্ৰকাশ কৰা নাই যদিও Downdetector ৰ লগতে অন্যান্য সামাজিক মাধ্যমৰ প্লেটৰ্ফমত বিভিন্ন ভুক্তভোগীয়ে এই সমস্যাৰ কথা উল্লেখ কৰিছে ৷ একে সময়তে ইনষ্টাগ্ৰামতো কম সময়ৰ বাবে চাৰ্ভাৰ ডাউন হৈছে বুলি সামাজিক মাধ্যমযোগে বিভিন্ন ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
ফেচবুকৰ লগতে ইনষ্টাগ্ৰাম, হোৱাটএপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰটো সমস্যাৰ সৃষ্টি হৈছে বুলি বিভিন্নজনে সামাজিক মাধ্যমত উল্লেখ কৰিছে ৷ দেওবাৰে বিশ্বব্যাপী বিভিন্ন লোকে ফেচবুকৰ সমস্যাৰ লগতে কোনো কোনো দেশত ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰটো সমস্যা পোৱা বুলি জানিব পৰা গৈছে ৷

